মৰিগাঁও, 30 নৱেম্বৰ : ঔজাৰি ন-জোৱান সংঘৰ সৌজন্যত আয়োজন হোৱা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনিৰ সফল সামৰণি । ঔজাৰি ন-জোৱান সংঘৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ৩-১ গ’লত বিজয়ী খিটাপ অৰ্জন কৰে ঔজাৰি ন-জোৱান সংঘই ৷
মৰিগাঁৱৰ মৰ্ণিং ফুটবল ক্লাৱ আৰু ঔজাৰিৰ মাজত অনুষ্ঠিত হোৱা আৰ্কষণীয় তথা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।
বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা এই খেলৰ মাজতে প্ৰদৰ্শিত হোৱা সাংস্কৃতিক অনুষ্ঠানে ফুটবল প্ৰেমীসকলৰ লগতে আপ্লুত কৰে কেইবা সহস্ৰাধিক ৰাইজক ৷
লগতে পঢ়ক :গোলাঘাটত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত্যাগত হৰ্ষোল্লাস