মৰিগাঁও, 22 জুন : বছৰৰ দ্বিতীয়টো বানৰ কৱলত মায়ঙৰ গৌৰৱ এশিঙীয়া গঁড়ৰ(One-Horned Rhino) ৰম্যভূমি পবিতৰা অভয়াৰণ্য । ইতিমধ্যে অভয়াৰণ্যখনৰ ৫০ শতাংশ বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ বলিয়া বানত(Pobitora wildlife sanctuary submerged in flood) । যাৰবাবে বন্যজন্তুসমূহে কিছু সমস্যাৰ সম্মুখীন হৈছে যদিত বন বিভাগৰ ঘৰচীয়া 12 টা হাতী ইতিমধ্যে বুঢ়া মায়ং বন শিবিৰৰ ওখ নিৰাপদ স্থানত স্থানান্তৰ কৰা হৈছে ।

বিগত কেইবাদিন ধৰি হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত সমগ্র ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ঙৰ এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যতো ব্ৰহ্মপুত্ৰ আৰু পকৰীয়া নদীৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ (Pobitora sanctuary under water) । ইতিমধ্যে অভয়াৰণ্যখনৰ (Pobitora Wildlife Sanctuary) অধিকাংশ গ্ৰাছলেণ্ড এলেকা পানীত বুৰ যোৱাত হাহাকাৰ পৰিস্থিতিৰ হৈছে বন্যজীৱ-জন্তুৰ মাজত ।
একাংশ বন্যপ্রাণীয়ে ঢাপলি মেলিছে পবিতৰৰ মাজতে থকা হাইলেণ্ডসমূহলৈ । ইতিমধ্যে বানৰ কৱলত বুৰ গৈছে পবিতৰাৰ টুপলুং, হাঁহচৰা, শিলডুবি, কুচিয়ানী, কুকুৱাৰী, ঠেঙভাঙা, পাগলাদিয়াকে আদি কৰি বহুকেইটা বন শিবিৰ ।
লগতে পঢ়ক : বানত পুনৰ 7 জনৰ মৃত্যু : এতিয়াও প্লাৱিত 5577 খন গাঁও