মৰিগাঁও,15 নৱেম্বৰ : মৰিগাঁৱত সহায় অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰশংসনীয় পদক্ষেপ ৷ দীপাৱলীৰ সন্ধিয়া মৰিগাঁও চহৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিতৰা হাতীক খাদ্যৰ যোগান ধৰে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

প্ৰতিবছৰে এনেদৰেই সহায় অসমৰ সদস্যসকলে এখন ট্ৰাকত কলগছ সংগ্ৰহ কৰি পবিতৰাৰ হাতীক খাদ্য যোগান ধৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি সহায়ৰ সভাপতি ৰাজু মহন্ত আৰু সম্পাদক প্ৰদীপ হাজৰিকাৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে পবিতৰা অভয়াৰণ্যৰ কতৃপৰ্ক্ষই ।
আনহাতে কলিয়াবৰতো দীপাৱলীৰ দিনা বিভিন্ন প্ৰান্তত চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা প্ৰায় 500ৰো অধিক কলগছ সংগ্ৰহ কৰি বন্যহস্তীৰ বাবে লাওখোৱা অভয়াৰণ্য আৰু বুঢ়া চাপৰিৰ বন্যহস্তীৰ অহা যোৱা কৰা পথত যোগান ধৰে বুঢ়া চাপৰি ইক’ ডেভেলপমেণ্ট কমিটীসহ লাওখোৱাৰ ৱেব পৰ্টেলৰ সংবাদ কৰ্মীসকলে ।
অনুষ্ঠানত উপস্থিত থকা বুঢ়া চাপৰি ইক’ ডেভেলপমেণ্ট কমিটীৰ সভাপতি নুৰ ইছলামে কয় যে, অহা বিশ্ব পৰিৱেশ দিৱসৰ দিনা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে 1000টা কলগছৰ পুলি যোগান ধৰি সংবাদকৰ্মীসকলৰ সৈতে তেওঁ নিজেও বন্যহস্তীৰ বিচৰণস্থলীসমূহত হাতীৰ খাদ্যৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব ৷
এই পদক্ষেপত সংবাদকৰ্মীসকলক সহযোগিতা আগবঢ়ায় আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গুৰু প্ৰসাদ তালুকদাৰ, বুঢ়া চাপৰি ইক’ ডেভেলপমেণ্ট কমিটিৰ সভাপতি নুৰ ইছলাম, সমাজকৰ্মী তথা শিক্ষক শ্যামল বণিক, ফাইভ ষ্টাৰ ক্লাৱৰ সম্পাদক প্ৰমুখ্যে আমবাগানৰ ব্যৱসায়ীসকলে ।
লগতে পঢ়ক : ক’ভিডৰ মাজতেই উত্তৰ কমলাবাৰী সত্ৰত হ’ব ৰাস মহোৎসৱ