ধিং, 3 জুন : লাহৰীঘাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা । এখন বাইকৰ বাবে প্ৰাণ গ'ল এগৰাকী বোৱাৰীৰ । পিতৃ গৃহৰ পৰা স্বামীক এখন বাইক আনি দিব নোৱাৰাৰ বাবেই স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক । এই জঘন্য ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ অমৰাগুৰিত । উল্লেখযোগ্য যে, বিগত ২২ মেত স্বামীৰ সহিতে স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক গাত কেৰাচিন ঢালি জ্বলাই দিছিল । তাৰ পাচতে বোৱাৰী গৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত বুধবাৰে মৃত্যুক আকোঁৱালি লয় ৷
উল্লেখ্য যে, প্ৰায় ৮ মাহ আগতে লাহৰীঘাটৰ টেঙাগুৰিৰ হবিবুৰ ৰহমানৰ জীয়ৰি জোণমনি বেগমক অমৰাগুৰিৰ মৃত মালে হুছেইনৰ পুত্ৰ জিন্নাত আলীয়ে বিয়া কৰাইছিল ৷ ইপিনে বিয়া হোৱাৰ কিছু দিনৰ পাছৰ পৰাই বোৱাৰী গৰাকীক স্বামীৰ লগতে স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে মৃত জোনমণি বেগমৰ পৰিয়ালে । মন কৰিব লগীয়া যে, দৰিদ্ৰ পৰিয়ালে জোঁৱাৱেকক বাইক কিনি দিব নোৱাৰাৰ বাবেই অৱশেষত যোৱা ২২ মে’ত স্বামীৰ লগতে স্বামীৰ পৰিয়ালে জোনমনি বেগমক গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মৃত জোনমনি বেগমৰ পৰিয়ালে ।
সম্প্ৰতি জোনমনিৰ পৰিয়ালে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছে । ইপিনে জোনমণি বেগমৰ মৃত্যু পিছতেই স্বামী জিন্নাত আলীৰ লগতে পৰিয়ালে পলায়ন কৰিছে । আধুনিকতাৰ পোছাক পৰিধান কৰা সমাজখনত যৌতুকৰ বাবে আৰু কিমান বোৱাৰীয়ে প্ৰাণ দিব লাগিব, সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে । এই জঘন্য অপৰাধ নিৰ্মূলৰ বাবে চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ‘ব ৷ এই ঘটনাৰ বিৰুদ্ধে স্থানীয় দল সংগঠনৰ লগতে সচেতন ৰাইজে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়কঃ "পাতাল ভৈৰৱী"ৰ স্ৰষ্টা আৰু নাই