ETV Bharat / state

ভয়ানক ৰূপত চাইবাৰ অপৰাধীৰ দলে জাল পাতিছে মধ্য অসমত - ভয়ানক ৰূপত প্ৰৱঞ্চকৰ দলে জাল পাতিছে মধ্য অসমত

পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযুক্ত কৰাৰ চলেৰে আপোনাৰ তথ্য চুৰি কৰি আপোনাৰ নামত লাখ লাখ টকা ঋণৰ টকা সৰকাই আপোনাক সৰ্বস্বান্ত কৰিব পাৰে চাইবাৰ অপৰাধীয়ে । কেনেকৈ সেয়া সম্ভৱ জানিবলৈ চাওক এই বিশেষ প্ৰতিবেদন।

CYBER CRIIME
CYBER CRIIME
author img

By

Published : Aug 20, 2020, 10:34 PM IST

ধিং, 20 আগষ্ট : পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত কৰাৰ প্ৰলোভন দি ভয়ানক জাল পাতিছে চাইবাৰ অপৰাধীয়ে । মৰিগাঁও জিলাৰ লাহৰীঘাট, মৈৰাবাৰী, ভূৰাগাঁও আদি অঞ্চলত এতিয়া চাইবাৰ অপৰাধীৰ টিঘিলঘিলনী । মৰিগাঁও আৰক্ষীৰ তৎপৰতাত ধৰা পৰিছে এনে প্ৰৱঞ্চক ।

আনৰ নামত একাউণ্টৰ মুকলি কৰি অন লাইন যোগে কোটি টকাৰ ঋণ সৰকাই আৰক্ষীৰ জালত পৰিছে পাঁচ চাইবাৰ অপৰাধী । সহজ-সৰল লোকক পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযুক্ত কৰিব বুলি আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ ফটো কপি সংগ্ৰহ কৰে চক্ৰটোৱে ৷ উক্ত তথ্যৰ দ্বাৰা অনলাইনতে ভুৱা একাউণ্ট খুলি অথবা নিৰক্ষৰ লোকৰ নামত একাউণ্ট খুলি অন লাইন যোগে ঋণৰ আবেদন কৰি কোটি-কোটি টকা আত্মসাৎ কৰে বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা । যাৰ ফলত ধৰুৱা হৈ পৰে আধাৰ কাৰ্ডৰ অধিকাৰী ।

ভয়ানক ৰূপত প্ৰৱঞ্চকৰ দলে জাল পাতিছে মধ্য অসমত

আপোনাৰ নামতো ঋণ সৰকাই নিব পাৰে এনে চাইবাৰ অপৰাধীয়ে । CASH MAP, OK CASH, STAR LOAN, RUPEE BOX, আদি বিশেষ এপচৰ সহায়ত এনে ঋণৰ বাবে অন লাইনত আবেদন কৰিব পাৰি । এনে দৰে খোলা একাউণ্টত ঋণৰ টকা সোমোৱা মাত্ৰকে লাভ কৰে অ’টিপি । আৰু তাৰ পাচতে নিজৰ পে টি এমৰ সহায়ত উক্ত একাউণ্টৰ পৰা নিজা একাউণ্টলৈ চাইবাৰ অপৰাধীয়ে ট্ৰেন্সফাৰ কৰে টকা । চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ এটা বেংকত অন লাইনত খুলিছে এনে বহু একাউণ্ট । সম্প্ৰতি লাহৰীঘাট থানা এলেকাৰ পৰা মৰিগাঁও আৰক্ষীৰ জালত পৰা ৫ টা অপৰাধী ক্ৰমে ভূঞাবাৰী পামৰ ছাহিমুল ইছলাম (২৪),ভূঞাবাৰী পথাৰৰ ইনজামুল ইছলাম (২৪),তিনিচুকীয়া মহমাৰাৰ জিয়াউৰ ৰহমান (২২), বৰবড়ীৰ ৰিয়াবুৰ ইছলাম (১৯) আৰু চহল আহমেদ।

এই পাঁচোটা অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অসংখ্য পেন কাৰ্ড, আধাৰ কাৰ্ড, এটি এম, চিম কাৰ্ড, লেপটপ, ম’বাইল ছেট, ডেৰ লাখ নগদ টকাৰ লগতে এক্সিচ বেংক, কটাক বেংক, বন্ধন বেংক, ইউ বি আই বেংকৰ চেক একাউণ্ট নম্বৰ আদি । মৈৰাবাৰী আৰক্ষীয়ে পাঁচ অপৰাধীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত 120( B)/419/420/468/471/409/ 34 ধাৰাত 444/20 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । বৰ্তমানলৈ চলাই থকা হৈছে মাৰথন জেৰা। কিন্তু তদন্ত সঠিক বাটে চলিলে কেৱল লাহৰীঘাটতে নহয় মৈৰাবাৰী আৰু ভূৰাগাঁও থানাৰ অন্তৰ্গত বহু স্থানত যে বহু সংখ্যক এনে অপৰাধী জালত পৰিব সেয়া নিশ্চিত ।

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.