মৰিগাঁও, 24 মে': ক’ভিড-19 ৰ মহামাৰীৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা ক’ভিড বিৰোধী যুঁজৰ অংশ হিচাপে সোমবাৰে মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়েং গাঁও পঞ্চায়তত মৰিগাঁও জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষীতেশ পেগুৱে ক’ভিড বিৰোধী যুদ্ধ কক্ষ মুকলি কৰে ।

যুদ্ধ কক্ষ মুকলি কৰি পঞ্চায়ত খনত আন এখন সহায়ক কেন্দ্ৰ মুকলি কৰাৰ লগতে ক’ভিড-19 ৰ এক সজাগতা সভা অনুস্থিত কৰে । উল্লেখযোগ্য যে, ক’ভিডৰ দ্বিতীয় ঢৌ'ৰ ফলত জিলাখনৰ গাঁও অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ ফলত জিলা প্ৰশাসনে দিন ৰাতি একাকাৰ কৰি চলাই গৈছে ক’ভিড বিৰোধী যুদ্ধ । নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জিলাবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ তথা সহায়ৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াই কৰি গৈছে ক’ভিড বিৰোধী যুদ্ধ ৷

সোমবাৰে অনুষ্ঠিত হোৱা সজাগতা সভাত বিষয়া গৰাকীয়ে সকলো শ্ৰেণীৰ লোকে কেনেকৈ থাকিলে এই মহামাৰীৰ পৰা মুক্ত হ’ব সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় ৷ সকলোৱে সহযোগ কৰিব লাগিব আৰু সুৰক্ষাৰ বাবে চৰকাৰে লোৱা ক’ভিড বিৰোধী যুজৰ সকলো নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি পৰামৰ্শ আগবঢ়ায় ।

লগতে পঢ়ক :দম্পতী হত্যাৰ হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল বিলাসীপাৰা