ETV Bharat / state

Conflict between the Evicted char residents: উৎপাদিত মৰাপাট খেতি কাটি আনিবলৈ উচ্ছেদিত চৰবাসীৰ মাজত অৰিয়াঅৰি - গুৱাহাটী উচ্চ ন্যায়ালয়

ৰাজ্য চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰি উচ্ছেদিত চৰবাসীক উৎপাদিত মৰাপাট খেতিসমূহ কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰাকৈ কাটি আনিবলৈ আহ্বান জনাইছিল । কিন্তু চৰৰ এটা চক্ৰই উচ্ছেদিত লোকসকলৰ পৰা ধন সংগ্ৰহ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ সমগ্ৰ প্ৰক্ৰিয়াটোকে স্তব্ধ কৰি পেলায় ।

Conflict between the Evicted char residents
উৎপাদিত মৰাপাট খেতি কাটি আনিবলৈ উচ্ছেদিত চৰবাসীৰ মাজত অৰিয়াঅৰি
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:02 PM IST

উৎপাদিত মৰাপাট খেতি কাটি আনিবলৈ উচ্ছেদিত চৰবাসীৰ মাজত অৰিয়াঅৰি

ধিং, ২৫ ছেপ্টেম্বৰ: উচ্ছেদিত চৰবাসীৰ মাজত আৰম্ভ হৈছে অৰিয়াঅৰি ৷ এটা গোটে উৎপাদিত ফচল মৰাপাট খেতি কাটি আনিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বিপৰীতে আন এটা গোটে আকৌ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলক লৈ লোৱা সিদ্ধান্ত বাহাল ৰাখি ফচল কাটি আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দুটা গোটৰ দুই ধৰণৰ পদক্ষেপকলৈ উত্তাল চৰাঞ্চল । দুদিন পূৰ্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত আজি অৰ্থাৎ সোমবাৰে চিতলমাৰী চৰত আন এটা বৃহৎ চৰবাসীৰ গোটে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পক্ষে চৰ উত্তাল কৰি তোলে ।

চিতলমাৰী চৰত প্ৰায় শতাধিক চৰবাসীয়ে মুখ্যমন্ত্ৰী জিন্দাবাদ, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা জিন্দাবাদ, দুষ্ট চক্ৰ হুঁচিয়াৰ, চৰৰ দালালসকল হুঁচিয়াৰ, আমাৰ মৰাপাট খেতি কাটি আনিবলৈ সুয়োগ দিয়ক আদি শ্লোগানেৰে চিতলমাৰী উত্তাল কৰি তোলে । উল্লেখ্য যে, উচ্ছেদিত চৰবাসীয়ে তেওঁ লোকৰ উৎপাদিত মৰাপাট খেতিসমূহ কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰাকৈ শান্তি-শৃংখলা বজাই ৰাখি কাটি আনিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱকে ধৰি তিনিজন আয়ুক্ত আৰু অন্যান্য বিষয়াসকলক লৈ এক আলোচনাত মিলিত হয় ৷ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ পাচত মানৱীয় দূষ্টিভংগীৰে ফচল কাটি আনিবলৈ চৰবাসীক আহ্বান জনাইছিল ।

সেই হিচাপে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই চৰবাসীলৈ ফেচবুক একাউণ্টকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে উচ্ছেদিত চৰবাসীলৈ এক সপ্তাহৰ ভিতৰতে ফচল কাটি আনিবলৈ প্ৰচেষ্টা লৈছে বুলি আহ্বান জনাইছিল । মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ভিডিঅ' বাৰ্তাত কোৱা হৈছিল যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে বিষয়টো বিবেচনা কৰিছে । কিন্তু চৰৰ এটা চক্ৰই উচ্ছেদিত লোকসকলৰ পৰা ধন সংগ্ৰহ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰি কৰি সমগ্ৰ প্ৰক্ৰিয়াটোকে স্তব্ধ কৰি পেলালে । যাৰ ফলত চৰবাসীয়ে নিজৰ উৎপাদিত মৰাপাট খেতি কাটি অনাত লেহেমীয়া হ’বলৈ ধৰিলে, যিহেতু জিলা প্ৰশাসনে ন্য়ায়ালয়ৰ কথামতেই কাম কৰিব লাগিব ।

মৰিগাঁও, নগাঁও জিলাৰ বিভিন্ন ঠাইত উচ্ছেদিত চৰবাসীৰ পৰা কোৰ্ট-কাছাৰীৰ নামত দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰা বিষয়টো প্ৰচাৰ হোৱাত বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছিল । দুষ্ট চক্ৰটোৱে চৰবাসীৰ টকা ঘূৰাই দিব লাগিব বুলি জানিব পাৰি ষড়যন্ত্ৰমূলকভাৱে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰে । দুষ্ট চক্ৰটোৱে টকা লোৱাৰ বিষয়টো গাপ দিয়াৰ বাবে কেইজনমান লোকক লগত লৈ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ বিৰূদ্ধে ধ্বনি দিছিল ।

লগতে পঢ়ক: Ek Asom Yatra 5th day: AIUDFয়ে নিজকে মুছলমানৰ মালিক বুলি ভাবে; লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.