মৰিগাঁও, 7 জানুৱাৰী : বহু বিৰ্তক আৰু বহু প্ৰতীক্ষাৰ অন্তত বুধবাৰে মৰিগাঁও স্কুল খেল পথাৰৰ সমীপত আধাৰশিলা স্থাপন কৰা হয় আচাৰ্য ইলাৰাম দাস বাপ সোঁৱৰণী সাংস্কৃতিক সংগ্ৰহালয়ৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁৱৰ জিলা উপায়ুক্ত লীনা দাসৰ উপস্থিতিত এই আধাৰশিলা স্থাপন ।

উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক শৰণ নাম ধৰ্মৰ অন্যতম প্ৰচাৰক তথা শংকৰদেৱ বঁটা প্ৰাপক আচাৰ্য ইলাৰাম দাস বাপ প্ৰৱৰ্তিত একশৰণ ভাগৱতী সমাজ মৰিগাঁৱৰ পৰা অসম চৰকাৰক বহু আৱেদন কৰা হৈছিল ৷ মৰিগাঁওবাসীৰ এই আৱেদনৰ অন্তত বুধবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিলে এই আধাৰশিলা ।

এই অনুষ্ঠানতে এগৰাকী চৰকাৰী বিষয়া তথা আচাৰ্য গৰাকীৰ কনিষ্ঠ পুত্ৰ তথা কৃষি আৰু অসম ৰাজ্যিক বীজ নিগমৰ যুটীয়া সঞ্চালক বিদ্যুত বিকাশ ভাগৱতীয়ে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে, সমাজত শিক্ষিত হাৰ বাঢ়িছে যদিও আধ্যাত্মিকতা দিশত আগবঢ়া নাই । সেয়েহে এই সাংস্কৃতিক সংগ্ৰহালয়ৰ জৰিয়তে ধৰ্ম প্ৰচাৰক গৰাকীৰ আধ্যাত্মিক ভাবাদৰ্শকক আগবঢ়াই নিবলৈ মুকলি আহ্বান কৰে বিদ্যুত বিকাশ ভাগৱতীয়ে ।
লগতে পঢ়ক : Geological survey of India ই সংগ্ৰহ কৰিলে পাঠশালাৰ ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰা