ETV Bharat / state

মৰিগাঁৱতো শিক্ষানুষ্ঠানত আৰম্ভ হ’ল নিয়মীয়া পাঠদান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো পুনৰ আৰম্ভ হৈছে শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া ৷ জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ক’ভিড প্ৰট’কল মানি চলোৱা হৈছে পাঠদান ।

author img

By

Published : Nov 4, 2020, 7:48 AM IST

Morigaon district
Morigaon district

মৰিগাঁও, 4 নবেম্বৰ : সুদীৰ্ঘ 7 মাহৰ অন্তত 1 নবেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত আৰম্ভ হৈছে নিয়মীয়া পাঠদান ৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড প্ৰট’কল অনুসৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত ৷ ৰাজ্যৰ আন জিলা সমূহৰ লগতে মৰিগাঁও জিলাতো বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত আৰম্ভ হৈছে পাঠদান । শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শ্ৰেণী কোঠাত অব্যাহত আছে পাঠদান ।

Morigaon district
মৰিগাঁৱতো শিক্ষানুষ্ঠানত আৰম্ভ হ’ল নিয়মীয়া পাঠদান

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সকলোৱে মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি শ্ৰেণী কোঠত শিক্ষাদান প্ৰক্ৰিয়াত অংশ লোৱা পৰিলক্ষিত হৈছে । মনকৰিবলগীয়া যে, পাঠদানৰ বাবে অভিভাৱক সকলৰ পৰাও অনুমতি লোৱা বুলি সদৰী কৰিছে অধ্যক্ষ জয়ফুল নাথে । আনহাতে, বিদ্যালয়ৰ গেটত অক্সিমিটাৰ ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক সুস্থতাৰ পৰীক্ষণেৰে বিদ্যালয়ত প্ৰৱেশৰ দিহা কৰা হৈছে বুলি সংবাদ মাধ্যমক সদৰী কৰে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : আম-ডালিমৰ মূল্যকো চেৰালে আলু-পিয়াজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.