মৰিগাঁও,14 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে মৰিগাঁৱতো জিলা সাহিত্য সভাৰ আৰু কুঁহি উপ সমিতিৰ যুটীয়া উদ্যোগত মৰিগাঁৱৰ শিশুগৃহত উদযাপন কৰা হয় শিশু দিৱস ।

শিশু দিৱস উপলক্ষে প্ৰথমে দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত ম্যাল্যাৰ্পন কৰে জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলে ।

আনহাতে শিশু গৃহটোৰ নিৱাসী শিশুসকলৰ মাজত কুঁহি উপ সমিতিৰ সম্পাদক তথা মৰিগাঁৱৰ বিশিষ্ট শিল্পী ৰাজু দাসৰ নেতৃত্বত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অনাথ শিশুসকলক প্ৰেৰণা আৰু উৎসাহিত কৰি তোলে ।
লগতে পঢ়ক : সাংবাদিক হেমন্ত ৰাজবংশীক সম্বৰ্ধনা অনুৰাগী মঞ্চৰ