ধিং, 24 জুন : ৰাজ্যত অব্যাহত আছে অবৈধ নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী তথা এনে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে অসম আৰক্ষী(assam police) ৰ অভিযান ৷ মূলতঃ ৰাজ্যৰ শাসনভাৰলৈ বৰ্তমানৰ চৰকাৰখন অহাৰ পিছৰে পৰাই অসম আৰক্ষীৰ ড্ৰাগছ(drugs), গাঞ্জা(ganja), চুলাই মদ(illegal liquor) আদি অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীয়ে অবিৰতভাৱে চলাই আছে ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে অভিযান । উল্লেখযোগ্য যে, অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় তথা ব্যৱহাৰে অঞ্চলবাসীক ব্যতিব্যস্ত কৰি তুলিছে ৷
শেহতীয়াকৈ ভূৰাগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ৬ জনকৈ গাঞ্জা সৰবৰাহকাৰী । জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া(officer in charge) নৱ কুমাৰ শইকীয়াই অভিযান চলাই ভূৰাগাঁৱৰ ৰজাবাৰীৰ পৰা 1.4 কিল’গ্ৰাম গাঞ্জাসহ এই ব্যৱসায়ৰ সৈতে জড়িত ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ জালত পৰা লোককেইজন ক্ৰমে প্ৰফুল্ল মণ্ডল, সূচিত্ৰ মণ্ডল, পুলেন বিশ্বাস, মাণিক চৌহান, স্বৰত মণ্ডল, অলক মণ্ডল বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে । ভূৰাগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি লোক কেইজনক বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক : কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে সৰভোগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা