ETV Bharat / state

মৰিগাঁৱত ভয়ংকৰ জালিয়াতি, 40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা ! - মৰিগাঁৱত বেংক দালালৰ দপদপনি

মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংকত দলালৰাজ ৷ চৰকাৰী সাহায্যৰ নামত 40 জন কৃষকৰ নামত আত্মসাৎ ধন ৷ কে চি চি ঋণৰ নামত আত্মসাৎ 22 লাখ টকা ৷ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷

মৰিগাঁৱত ভয়ংকৰ দুৰ্নীতি
40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা
author img

By

Published : Nov 28, 2019, 8:53 AM IST

মৰিগাওঁ, 28 নৱেম্বৰ: সেৱাৰ বাবে নহয় ।দৰিদ্ৰ কৃষক-গ্ৰাহকক প্ৰতাৰণাৰ বাবেহে যেন মৰিগাঁৱৰ ভূৰবন্ধাৰ UBI বেংক শাখা । পোহৰলৈ আহিছে দালালৰাজৰ ন-ন অধ্যায় । ফাদিল প্ৰৱঞ্চনাৰ ধাৰাবাহিক দস্তাবেজ ।

40 জন কৃষকৰ নামত আত্মসাৎ 22 লাখ টকা

পুনৰ বিৰ্তকৰ আওতালৈ মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংক ৷ মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংকত চলিছে এতিয়া দলালৰাজ । ইদ্ৰিছ আলি নামৰ এক প্ৰৱঞ্চকৰ মহাপ্ৰৱঞ্চনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ জালিয়তি ৷ দুখীয়া অসহায় 40 গৰাকী কৃষক পৰিয়ালক প্ৰৱঞ্চনা দালাল মেহেৰ উদ্দিনৰ ৷ হিতাধিকাৰীৰ জ্ঞাত অবিহনেই কে চি চি ঋণৰ নামত আত্মসাৎ কৰিলে 22 লাখ টকা ৷

বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পটোৱাকাটা গাঁৱৰ মেহেৰ উদ্দিন নামৰ দালালটোৱে জালিয়াতিৰে 40 জন কৃষক হিতাধিকাৰীৰ পৰা চৰকাৰী সাহায্য দিয়াৰ প্ৰলোভনৰে ভোটাৰ আই ডি, পানকাৰ্ড আদি লৈ ভূৰবন্ধাৰ UBI বেংকত জমা দিছিল । তাৰ কেইদিন মান পাচতেই মেহেৰ উদ্দিনে 40 জন দুখীয়া কৃষক হিতাধিকাৰীক দুহেজাৰ টকাকৈ ঘৰত দিয়াৰ সময়তে পোহৰলৈ আহে সমগ্ৰ জালিয়াতি ।

হিতাধিকাৰীৰ অভিযোগ মতে 2014 চনৰ পৰা বিত্তীয় প্ৰতিষ্ঠানটোত কৰ্মৰত এই প্ৰৱঞ্চকটোৰ বেংকৰ বিষয়াৰ সৈতে গোপন বুজাবুজিৰ বাবেই কে চি চি ঋণৰ নামত মোকলাই নিব পাৰিছে প্ৰায় 22 লাখ । আশ্চৰ্যজনক যে 40 জন হিতাধিকাৰীক আন্ধাৰত ৰাখি সমুদায় টকা আত্মসাৎ কৰি হিতাধিকাৰীৰ পৰা দলিলত 18 টাকৈ চহী কৰিবলগীয়া হোৱাত সন্দেহ হয় ৰাইজৰ । পিছত গাওঁ বুঢ়াৰ কাষ চপাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ওৰহি গছৰ ওৰ ওলোৱাৰ পাছত আৰক্ষীক অৱগত কৰাত ঠগ প্ৰৱঞ্চক মেহেৰ উদ্দিনক গ্ৰেপ্তাৰ কৰি লাহৰীঘাট থানাত গ্ৰেপ্তাৰ কৰি 412/19 নং গোচৰ ইউ এচ 420/406 ধাৰাত পঞ্জীয়ন কৰি মহাপ্ৰৱঞ্চক মেহেৰ উদ্দিনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

অৱশ্যে এই সন্দৰ্ভত UBI বেংক শাখাটোৰ পৰিচালকাই ৰহস্যজনক ভাৱে বিষয়টোৰ আঁতৰি থাকিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । ইয়াৰ বিপৰীতে বিয়লি বেংকৰ ভিতৰত সাধাৰণ গ্ৰাহক ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰি মূল গেটত তলা লগায় দিয়ে । এতিয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব এই ঘটনাৰ লগত আন কোনো জড়িত হৈ আছে নে নাই ৷

লগতে চাওক-নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী

Intro:মৰিগাঁৱত বেংক দালালৰ দৌৰাত্ম্য । ৪১জন কৃষকক কে চি চি ঋণৰ নামত ২২লাখ আত্মসাত দালাল মেহেৰ উদ্দিনৰ। ঋণ দি দলিলত চহী ল'বলৈ যোৱাৰ পাছতে সমগ্ৰ জালিয়াতি ফাদিল। ৰঙাঘৰৰ আলহী হল দালাল। গা এৰা মনোভাৱ শাখা প্ৰবন্ধকৰ।Body:মৰিগাঁৱৰ ভূৰবন্ধা UBI বেংকত দলালৰাজ। কেচিচি ঋণৰ নামত প্ৰৱঞ্চনা কৃষকক ।বেংক বিষয়া আশীৰ্বাদত দালালৰ দপদপনি।শাখা প্ৰৱন্ধৰ মদত পুষ্ট প্ৰবঞ্চকে সৰকালে ২২ লাখ । আৰক্ষীৰ জালত প্ৰৱঞ্চক মেহেৰ উদ্দিন । বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদ কৰ্মীক অসামাজিক আচৰণ। তদন্ত হব নে প্ৰকৃত দায়ী কোন ?

সেৱাৰ বাবে নহয় । কৃষক -গ্ৰাহকক প্ৰতাৰণাৰ বাবেহে মৰিগাঁও ভূৰবন্ধাৰ ubi বেংক শাখা। পোহৰলৈ আহিছে দালালৰাজৰ ন ন কাহিনী। ফাদিল হৈছে প্ৰবঞ্চনাৰ ধাৰাবাহিক দস্তাবেজ।
পুনৰ বিৰ্তকৰ আওতাত মৰিগাঁৱৰ ভূৰবন্ধাস্হ ubi বেংক । ইদ্ৰিছ আলি নামৰ এক মহাপ্ৰৱঞ্চক প্ৰৱঞ্চনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে বৃহস্পতিবাৰে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।ঘটনাৰ বিৱৰণী মতে বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পটোৱাকাটা গাঁৱৰ মেহেৰ উদ্দিন নামৰ দালালটোৱে জালিয়াতিৰে ৪১ জন কৃষক হিতাধিকাৰীৰ পৰা চৰকাৰী সাহায্য দিয়াৰ প্ৰলোভনৰে ভোটাৰ আই ডি , পানকাৰ্ড আদি লৈ ভূৰবন্ধাৰ এই UBI বেংকত জমা দিয়ে ।কেইদিনৰ পিছত মেহেৰ উদ্দিনে ৪১ জন দুখীয়া কৃষক হিতাধিকাৰীক দুহেজাৰ টকাকৈ ঘৰত দিয়াৰ সময়তে পোহৰলৈ আহে সমষ্ট জালিয়াতি । হিতাধিকাৰীৰ অভিযোগ মতে 2014 চনতে বিত্তীয় প্ৰতিষ্ঠানটোৰ পোহনীয়া প্ৰৱঞ্চক এইটো
হেণ্ড কাফ লগোৱা মেহেৰ উদ্দিনে এই সকল কৃষকৰ নামত বেংকৰ বিষয়াৰে গোপন বুজাবুজিৰেই কে চি চি ঋণৰ নামত মোকলাই নিছিল প্ৰায় 22 লাখ । আশ্চৰ্যজনক যে ৪১ জন হিতাধিকাৰীক আন্ধাৰত ৰাখি সমুদায় টকা আত্মসাত কৰি হিতাধিকাৰীৰ পৰা এইগৰাকী মহিলা পৰিচালকাৰে সৈতে দলিলত ১৮ টাকৈ চহী কৰিবলগীয়া হোৱাত সন্দেহ হয় ৰাইজৰ। ফলত ঘটনা পোহৰলৈ আহে । ওৰহি গছৰ ওৰ ওলোৱাৰ পাছত আৰক্ষীক অৱগত কৰাত ঠগ প্ৰৱঞ্চক মেহেৰ উদ্দিনক গ্ৰেপ্তাৰ কৰি লাহৰীঘাট থানাত গ্ৰেপ্তাৰ কৰি 412/19 নং গোচৰ ইউ এচ 420/406 ধাৰাত পঞ্জীয়ন কৰি মহাপ্ৰৱঞ্চক মেহেৰ উদ্দিনক জেল হাজোতলৈ চালান দিয়ে ।
আনহাতে এই সন্দৰ্ভত বেংক বিষয়াক ভুক্ত-ভোগী গ্ৰাহক তথা ভুৱা ঋণীসকলে ভূৰবন্ধাৰ এই ubi শাখাটোৰ পৰিচালকাৰে আলচ কৰিব চেষ্টা কৰে যদিও কৌশলৰে বিষয়টোৰ পৰা আতৰি থাকে এইগৰাকী বেংক পৰিচালকা ।ইয়াৰ বিপৰীতে বিয়লি বেংকৰ ভিতৰত সাধাৰণ গ্ৰাহক ৰাইজৰ প্ৰবেশ নিষিৰ্দ্ধ কৰি মূল গেটত তলা লগাই ।
উদ্ধেগজনক বিষয় এয়ে যে ভুক্তভোগী সকলৰ লগতে সাংবাদিকে তথ্য সংগ্ৰহৰ বাবে বিত্তীয় প্ৰতিষ্ঠানলৈ যোৱাৰ সময়তে একাংশ ছদ্মবেশী ভেৰোণীয়া বাহিনীয়ে বিয়লিৰ সাধাৰণ গ্ৰাহকৰ প্ৰবেশ নিষিৰ্দ্ধৰ গইনাৰে প্ৰতাৰিত কৃষক সকলক প্ৰবেশত বাধা আৰোপ কৰাৰ সমান্তৰালভাৱে সংবাদ মাধ্যমৰ কৰ্মীক দুঃব্যৱহাৰ দালালৰ ।

Bytes :- গাঁওবুঢ়া আৰু ভুক্তভোগী ৰাইজConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.