ETV Bharat / state

লাহৰীঘাটৰ গৰাখহনীয়া অঞ্চল পৰিৰ্দশন ৰূপক শৰ্মাৰ - Laharighat

বিভিন্ন ৰাজনৈতিক দলৰ নেতা আহে আৰু যায় কিন্তু সমাধানৰ ব্যৱস্থা নকৰেঃ ভুক্তভোগী ৰাইজৰ ক্ষোভ। শীঘ্ৰে উক্ত সমস্যা সমাধান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান ৰাইজৰ।

লাহৰীঘাটৰ গৰাখহনীয়া অঞ্চল পৰিৰ্দশন ৰূপক শৰ্মাৰ
author img

By

Published : May 7, 2019, 5:16 PM IST

মৰিগাঁও,৭ মেঃ মৰিগাঁও ১০নং লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই লাহৰীঘাটৰ বিভন্ন গৰাখহনীয়া অঞ্চল পৰিৰ্দশন কৰে । নিৰ্বাচনত জয়ী হ'লে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস শৰ্মাৰ।

লাহৰীঘাটৰ গৰাখহনীয়া অঞ্চল পৰিৰ্দশন ৰূপক শৰ্মাৰ

উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি জিলাখনৰ ভূৰাগাঁও,লাহৰীঘাট আদি অঞ্চলত ভয়াৱহৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। এই পৰ্যন্ত খহনীয়াত বহু লোকৰ ঘৰ-বাৰী উচন হোৱাৰ লগতে মৃত্যু হৈছে বহু পোহনীয়া জীৱ-জন্তুৰো। কিন্তু পৰিতাপৰ বিষয় এয়ে যে, এতিয়ালৈ উন্মুক্ত মথাউৰি আৰু খহনীয়াৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰ তথা প্ৰশাসনে। এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিব লগা হৈছে নিজৰ ঘৰখন। পানীত হাঁহ নচৰা অৱস্থা এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ । ৰূপক শৰ্মাই খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে খহনীয়াত আক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰি নিৰ্বাচনত জয়ী হ'লে উক্ত সমস্যাটো সাংসদৰ মজিয়াত উপস্থাপন কৰি গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব বুলি মন্তব্য দিয়ে ৷

অধিক পঢ়িবলৈ- লখিমপুৰত ধুমুহাৰ তাণ্ডৱ

slug-as-mrg-7thmay-Rupok Sarma visit-803-vis-byte-as10005

Anchorintr:দেশৰ বিভিন্ন ৰাজ্যত সপ্তদশ লোকসভাৰ নিৰ্বাচন চলি থকাৰ সময়তে লাহৰীঘাটৰ গৰাখহনীয়া বুজ ললে দহ নং লোকসভাৰ সমষ্টি ৰ বিজেপি আৰু মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই।
VO: সাংসদ ৰূপে নিৰ্বাচিত হ'লে সংসদত গৰাখহনীয়াৰ বিষয়ে সংসদত সজোৰে দাবী উত্থাপন কৰিব ৰূপক শৰ্মাই।আজি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিৰ্দশন কৰি  খহনীয়াগ্ৰস্ত লোকসকলৰে মত বিনিময় কৰাৰ কালত এই কথা প্ৰকাশ কৰে প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাই।
উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি জিলাখনৰ ভূৰাগাঁও,লাহৰীঘাট আদি অঞ্চলত ভয়াবহৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ।মনকৰিবলগীয়া কথা যে ঘৰ মাটি উচন হোৱা পৰিয়াল সমূহে  গামোচাৰে চকুলো মচি মচি  নদীকাষৰীয়া গ্ৰঞাৰ দুৰ্দশাৰ বিষয়ে অবগত কৰে নগাঁও বিধায়কজনৰ সন্মুখত । পৰিতাপৰ বিষয় এয়ে যে বাৰিষা সমাগত হোৱাৰ পাছতো লাহৰীঘাট/ভূৰাগাঁৱৰ উন্মুক্ত মথাউৰি আৰু খহনীয়া ৰোধৰ কোনো ব্যবস্থা নোলোৱাত লাহৰীঘাটৰ কাঠনি/ পলাশগুৰী বাসিন্দা সকলৰ  পানীত হাঁহ নচৰা অৱস্থা হৈছে। কান্দোনত ভাগি পৰা মহিলা সকলক দেখি সাংসদ প্ৰাৰ্থী ৰূপক শৰ্মাই বিজয়ী হলে সংসদৰ মজিয়াত এই সমস্যা সমাধানৰ বাবে দাবী জনাব বুলি মন্তব্য  কৰে  byte:1- Rupok Sarma 
:byte-2 :publick.
      হয় ঠিকেই শুনিছে আপুনি ।এনেদৰেই লাহৰীঘাটলৈ আহে বিভিন্ন ৰাজনৈতিক দলৰ নেতা।আহে মন্ত্ৰী বিধায়ক।আটাইয়ে মচে ঘৰিয়ালৰ চকুপানী ।পিছে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যা সমাধান নহয় ।ইয়াকে কয় বোলে ধানপকে মানে টুনীৰ মৰণ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.