গুৱাহাটী, 6 অক্টোবৰ : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এইবাৰ সৰৱ সদৌ অসম দেৱালয় সংঘ ৷ সংঘৰ সভাপতি আৰু প্ৰধান সম্পাদক সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য্য আৰু কৈলাশ শৰ্মাই বিধায়ক গৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে, বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনাইছে ৷
উল্লেখ্য যে, দেওবাৰে এখন ৰাজহুৱা সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ, গোঁসাই আৰু মহন্ত সম্প্ৰদায়ৰ বিৰুদ্ধে অশালীন মন্তব্য দিয়াৰ উপৰিও উক্ত সম্প্ৰদায়ৰ লোক সকলক টুকুৰা টুকুৰকৈ কাটিব বুলি মন্তব্য প্ৰদান কৰিছিল ৷ শেহতীয়াকৈ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ৷ সকলোৱে বিধায়ক গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৷
লগতে পঢ়ক : ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি গড়কাপ্তানী পথ