ETV Bharat / state

AJYCP Protest in Morigaon: মণিপুৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী AJYCP ৰ - তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰি সমগ্ৰ ৰাজ্যতে কেন্দ্ৰীয়ভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

AJYCP  protest over Manipur violence in Morigaon
মণিপুৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰীকৰণৰ দাবী AJYCP ৰ
author img

By

Published : Jun 22, 2023, 4:35 PM IST

মণিপুৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰীকৰণৰ দাবী AJYCP ৰ

মৰিগাঁও, 22 জুন : মণিপুৰৰ শান্তি-শৃংখলা অটুট ৰাখিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰি সমগ্ৰ ৰাজ্যতে কেন্দ্ৰীয়ভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰে অংশস্বৰূপে মৰিগাঁও জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

বৃহস্পতিবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোষ্ঠীগত সংঘৰ্ষৰ ফলত চুবুৰীয়া ৰাজ্য মণিপুৰত শান্তি অব্যাহত ৰখোৱাৰ বাবে এন বীৰেণ সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰে। ইয়াৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ প্ৰেৰণ কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী আৰু সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠিত কালৰে পৰা অসমৰ জাতীয় জীৱনৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সংকটৰ সময়ত ইয়াৰ সমাধানৰ বাবে মাত মাতি অহাৰ বিষয়ে অৱগত কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী থলীলৈ জিলা আয়ুক্তৰ হৈ কাৰ্যবাহী দণ্ডাধীশগৰাকী উপস্থিত হৈ স্মাৰক পত্ৰখন গ্ৰহণ কৰি এই স্মাৰক পত্ৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিগৰাকীলৈ প্ৰেৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে । উল্লেখ্য যে, এই তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত দীৰ্ঘদিনীয়া ইনাৰ লাইন পাৰমিট, বান আৰু গৰাখহনীয়াৰ সমস্যা স্থায়ী সমাধানৰ দাবী কৰে।

স্মৰ্তব্য যে, মণিপুৰত যোৱা 3 মে’ৰ পৰা হৈ থকা হিংসাত্মক পৰিস্থিতিয়ে এতিয়াও শাম কটা নাই ৷ ৰাজ্যখনত এতিয়ালৈ 120 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগত তিনি শতাধিক লোক আহত হৈছে ৷ আনকি বহু লোকৰ ঘৰ-দুৱাৰ জ্বলাই পেলোৱাৰ লগতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ বাসগৃহ পৰ্যন্ত জ্বলাই দিছিল দুৰ্বৃত্তই ৷

ইফালে শেহতীয়াকৈ ৰাজ্যখনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰিদৰ্শন কৰি ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ স্বাৰ্থত বহুতো স্থানীয় দল সংগঠন আৰু ৰাজ্যখনৰ ৰাজ্যপালক সাক্ষাৎ কৰিছিল ৷

লগতে পঢ়ক: Pijush Hazarika at Hojai : অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী, তুংগত প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.