ETV Bharat / state

Golden jubilee Closing Ceremony: "মই গান নাগাও"- মঞ্চত গৰজি উঠিল আচুৰ্য বৰপাত্ৰ

author img

By

Published : Mar 30, 2023, 9:24 PM IST

মৰিগাঁৱৰ গছৰগুৰিত লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ গৰজি উঠে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ ৷ উদণ্ড দৰ্শকৰ আচৰণত অনুষ্ঠান কৰাৰ পৰা বিৰত থাকে কণ্ঠশিল্পীগৰাকী (Achurjya Barptara in Golden jubilee Program) ৷

Achurjya Barptara in Morigaon golden jubilee closing ceremony
"মই গান নাগাও"- মঞ্চত গৰজি উঠিল আচুৰ্য বৰপাত্ৰ

মৰিগাঁও, 30 মাৰ্চ: এইবাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ধমক একাংশ দৰ্শকক । বুধবাৰে মৰিগাঁৱৰ গছৰগুৰিত লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল (Lakshminath Bezbaruah Higher Secondary School)৷ এই অনুষ্ঠানৰ উপলক্ষে নিশা অনুষ্ঠিত হোৱা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰিত কৰা হৈছিল আচুৰ্য বৰপাত্ৰক (Achurjya Barptara in Golden jubilee Program) ৷

অনুষ্ঠানত নিশা কণ্ঠশিল্পীগৰাকী উপস্থিত হোৱাৰ পিচতেই একাংশ দৰ্শকৰ অসামাজিক ব্যৱহাৰত অতিষ্ঠ হৈ ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই ৰাজহুৱাকৈ কয় যে, এয়া এখন শিক্ষানুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠান (Achurjya Barpathra angry on stage)। এই অনুষ্ঠানত কোনোবাই বেয়া কথা ক’লে নিজৰ অঞ্চলটোৰেই বদনাম হ’ব । এটা শিক্ষানুষ্ঠানৰ বাকৰিত এই কথা ক’বলৈ সাহস কৰিছে, সাহস আছে যদি ব্যক্তিগতভাৱে কওক । সন্মুখত আহি কওক । মই সাজু আছো।

এই ঘটনাৰ পিচতে অনুষ্ঠানটোৰ উদ্যোক্তাসকলে ৰাজহুৱাভাৱে মাইক্ৰ’ফোনত ঘোষণা কৰি সকলো দৰ্শককে শান্তি শৃংখলা বজাই ৰাখি অনুষ্ঠান উপভোগ কৰাৰ বাবে আহ্বান জনায় (Morigaon golden jubleee closing ceremony)। ইয়াৰ পিচতো উদণ্ড দৰ্শকৰ এনে আচৰণত ক্ষুন্ন হৈ সংগীত পৰিৱেশনৰ পৰা কিছু সময় বিৰত থাকে কণ্ঠশিল্পীগৰাকী । দৰ্শকক উদ্দেশ্যি কণ্ঠশিল্পীগৰাকীয়ে কয় যে, মই গান নাগাও । আপোনালোক এইখিনিৰ পৰা আঁতৰি দিয়ক ।

অৱশ্যে পৰৱৰ্তী সময়ত উদ্যোক্তা সমিতিৰ বুজনিত কণ্ঠশিল্পীগৰাকীয়ে পৰিৱেশন কৰিলে এটাৰ পিচত আনটোকৈ জনপ্ৰিয় গীত ৷ উল্লেখযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ মূল তোৰণ উন্মোচন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে (MLA Ramakanta Deori) ৷ বিধায়কগৰাকীক সংগ দিয়ে তিৱা স্বায়ত্ব পৰিষদৰ (Tiwa Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, ভুৰবন্ধা আঞ্চলিক পঞ্চায়ত সভাপতি দীপেন দাস ৷

আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা লাভ কৰা সাহায্যৰে বিদ্যালয়ৰ প্ৰাংগনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষ মূৰ্তি স্থাপন কৰে ৷ বিয়লি অনুষ্ঠিত হোৱা এক মুকলি সভাৰ কাৰ্যসূচীত ৰসৰাজ নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে ভীমবৰ দেউৰী বঁটা প্ৰাপক বিশিষ্ট প্ৰৱন্ধকাৰ মিলেশ্বৰ পাটৰে ৷ তৃতীয় দিনা অৰ্থাৎ বুধবাৰৰ কাৰ্যসূচী অনুসৰি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে ৰাজ্যৰ জনপ্ৰিয় কৌতুক অভিনেত্ৰী চেতনা দাসে (Chetana Das visits in Morigaon)৷ এই কাৰ্যসূচীৰ পিছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত হয় ৷

লগতে পঢ়ক: Chetana Das in Morigaon: লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱত চেতনা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.