মৈৰাবাৰী,21জুলাইঃ মৰিগাঁৱৰ মৈৰাবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । এজন ৫৫ বছৰীয়া লোকক দৌৰাই-দৌৰাই দাৰে ঘপিয়াই হত্যা । মৃত লোক জনৰ নাম ফাইজুদ্দিন (৫৫) । মৈৰাবাৰী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। ফইজুদ্দিন নামৰ ব্যক্তিজনক ঘৰৰ পৰা মাতি নিছিল মনোৱাৰা নামৰ এগৰাকী মহিলাই।
আনহাতে ফইজুদ্দিন গৈ মহিলা গৰাকীৰ ঘৰচ উপস্থিত হোৱা মাত্ৰকে ফইজুদ্দিনৰ ওপৰত জপিয়াই পৰিছিল মনোৱাৰাৰ জোঁৱায়েক মোজাম্মিল নামৰ লোক জন ৷ মোজাম্মিলৰ আক্ৰমনৰ সন্মুখীন হৈ ফাইজুদ্দিনে দৌৰি প্ৰাণ ৰক্ষা কৰিব বিচাৰে যদিও হাতত দা লৈ দৌৰাই-দৌৰাই উপৰ্যুপৰি ঘাপ দিয়াত ঘটনাস্থলীতে নিহত হয় ফইজুদ্দিন। ইফালে প্ৰত্যক্ষদৰ্শীয়ে হত্যাকাৰী মোজাম্মিলক কৰায়ত্ব কৰি মৃতকৰ কাষতে বান্ধি থৈ দিয়াৰ লগতে মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে । অৱশ্যে হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত নামৰূপত মানৱ শৃংখল