ETV Bharat / state

লোকাৰণ্য সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলী - বাণিজ্যি মেলা উদ্বোধন

উদুলি-মুদুলি সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলী ৷ আজিৰে পৰা তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় মৰিগাঁও অধিৱেশন ৷

18th AASU Annual Convention
উদুলি-মুদুলি সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলী
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 5:54 PM IST

উদুলি-মুদুলি সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলী

মৰিগাঁও , 21 নৱেম্বৰ : আজি অৰ্থাৎ মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় মৰিগাঁও অধিৱেশন । পুৱা ভাগত প্ৰয়াত প্ৰদীপ শইকীয়া সোঁৱৰণী গ্ৰন্থমেলা উদ্বোধন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমল চন্দ্ৰ নাথে ।

আনহাতে, প্ৰয়াত দেৱেন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী বাণিজ্যিক মেলা উদ্বোধন কৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে । এই অনুষ্ঠানৰ আঁতধৰে আদৰণি সমিতিৰ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই ।

আজিৰ পৰা অনুষ্ঠিত মৰিগাঁও অধিৱেশনত ৰাজ্যখনৰ দহ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিক আদৰণি জনাবলৈ সাজু আদৰণি সমিতি । ইয়াৰ পিচতে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহ আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে কুইজ আৰু তৰ্ক প্ৰতিযোগিতা । আনহাতে, আজি নিশা ন বজাৰত মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব অন্তিমখন কাৰ্যনিৰ্বাহ সভা ।

এই সভাত আগন্তুক কাৰ্যকালৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব । লগতে নিশা মূল মণ্ডপত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানো । মন কৰিবলগীয়া যে মৰিগাঁও জিলাবাসীৰ অতিথি পৰায়ণতা যাতে অটুত থাকে, তাৰে সকলো দিহা কৰিছে 27 খনকৈ উপ সমিতিয়ে ।

আনহাতে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দহ হাজাৰ প্ৰতিনিধি থকাৰ বাবে শিবিৰৰ ব্যৱস্থাও কৰা হৈছে ৷ দুহেজাৰ প্ৰতিনিধিয়ে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থাও কৰিছে মৰিগাঁও ছাত্ৰ সন্থাই ৷ জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে নিৰাপত্তাৰ দিশটো তন্ন তন্নকৈ তদাৰক কৰি আছে ৷

লগতে পঢ়ক : কংগ্ৰেছে কেৱল সংখ্যালঘু অধ্যুষিত এটা লোকসভা সমষ্টিত জয়লাভ কৰিব : পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.