ETV Bharat / state

চাকৰি নিয়মীয়া হোৱা তাৰিখৰ পৰাহে কাৰ্যকাল গণ্য কৰা হ’ব : ৰণোজ পেগু

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 3:45 PM IST

চাকৰি যি তাৰিখৰ পৰা নিয়মীয়া হ’ব, সেই তাৰিখৰ পৰাহে ঠিকাভিত্তিক শিক্ষকৰ কাৰ্যকাল গণ্য কৰা হ’ব বুলি মন্তব্য শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে মাজুলীত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

Vikshit Bharat Sankalp Yatra in Majuli
মাজুলীত বিকশিত ভাৰত সংকল্প যাত্ৰা
মাজুলীত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

মাজুলী, 8 ডিচেম্বৰ : "ঠিকাভিত্তিক শিক্ষকৰ চাকৰি যি তাৰিখৰ পৰা নিয়মীয়া হ’ব, সেই তাৰিখৰ পৰাহে তেওঁৰ কাৰ্যকাল গণ্য কৰা হ’ব ৷ তেওঁলোক বৰ্তমান সমগ্ৰ শিক্ষাৰ অধীনত আছে ৷ চৰকাৰৰ অধীনলৈ আমি যেতিয়া আনিম, যিটো তাৰিখত নিৰ্দেশ প্ৰকাশ পাব সেই তাৰিখৰ পৰাহে তেখেতৰ চাকৰি নিয়মীয়া হ’ব ৷" এই মন্তব্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ শুকুৰবাৰে মাজুলীত অনুষ্ঠিত হোৱা দলীয় এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীজনে ৷

মন্ত্ৰী ডাঃ পেগুৱে কয় যে, সমগ্ৰ শিক্ষাৰ অধীনত যিসকল ঠিকা ভিত্তিক শিক্ষক আছে, ইয়াৰে একাংশৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰে ৷ এই ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰাৰ কথা বিগত 15 আগষ্টত ঘোষণা কৰা হৈছিল ৷ বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত শিক্ষক সকলৰ লগত মত বিনিময় কৰে ৷ লগতে যি তাৰিখৰ পৰা চাকৰি নিয়মীয়া হ’ব, সেই তাৰিখৰ পৰাহে তেওঁৰ কাৰ্যকাল গণ্য কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে সাংবাদিকে নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত তেওঁ বিষয়টো উচ্চতম ন্যায়ালয়লৰ বিচৰাধীন হৈ আছে, এই সন্দৰ্ভত এতিয়া মন্তব্য কৰা উচিত নহয় বুলি প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকে ৷ লগতে 2024ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে, নিৰ্বাচন নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হ’ব ৷ এইবাৰৰ নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টি জয়ী হ’ব আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি মন্তব্য কৰে তেওঁ ৷

উল্লেখ্য যে, বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে মাজুলীত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুখনকৈ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ৩ ৰাজ্যত মুখ্যমন্ত্ৰী বাছনিৰ বাবে পৰ্যবেক্ষক নিযুক্তি, সৰ্বানন্দ সোণোৱালক ছত্তীশগড়ৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.