ETV Bharat / state

মাজুলীৰ মুখাই হাত বাউল দি মাতিছে পৰ্যটকক - Mask making in Majuli

বিশ্বৰ ভিতৰতে একক আৰু অন্যতম মাজুলীৰ মুখাশিল্প(Mukha silpa of Majuli) । এই মুখা শিল্পই হাত বাউল দি মাতে পৰ্যটকক । বাৰিষাৰ পাছত এতিয়া পুনৰ মাজুলীত ভিৰ বাঢ়িছে পৰ্যটকৰ(Majuli tourism) । চামগুৰি সত্ৰত মুখা শিকিবলৈ আহিল সুন্দৰী যুৱতী(Mask making in Majuli) ।

tourists throng majuli to see mukha shilpa
মাজুলীৰ মুখাই হাত বাউল দি মাতিছে পৰ্যটকক
author img

By

Published : Sep 7, 2022, 2:05 PM IST

Updated : Sep 7, 2022, 2:23 PM IST

মাজুলী,7 ছেপ্টেম্বৰ: নদীদ্বীপ মাজুলীত ভিৰ বাঢ়িছে পৰ্যটকৰ(Majuli tourism) । ৰূপহী মাজুলীত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু মুখা শিল্প(Mukha silpa of Majuli) । এই মুখা শিল্প চাবলৈ বিগত সময়ৰ দৰে এইবাৰো ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে । লগতে দুৰ দুৰণিৰ পৰা অহা এই পৰ্যটকৰ দল সমূহে উপভোগ কৰিছে মাজুলীৰ নৈসৰ্গিক পৰিৱেশ ।

উল্লেখযোগ্য যে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ খনৰ ভিতৰতে উল্লেখযোগ্য মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ মুখা শিল্প । এই মুখা শিল্প চাবলৈ চামগুৰি সত্ৰত এতিয়া দেখা পোৱা গৈছে দেশী বিদেশী পৰ্যটকৰ ভিৰ। মূখা শিল্পৰ বাবে পৃথিৱী বিখ্যাত মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত মূখা শিল্পৰ প্ৰতি আগ্ৰহী হৈ শিকিবলৈ আহে দেশী বিদেশী পৰ্যটক(Mask making in Majuli) । মূখা শিল্পৰ প্ৰতি থকা আগ্ৰহৰ বাবেই মাজুলীলৈ দৈনন্দিন সোত বৈছে শ শ পৰ্যটকৰ ।

মাজুলীৰ মুখাই হাত বাউল দি মাতিছে পৰ্যটকক

ইফালে মাজুলীৰ মুখা শিল্প শিকিবলৈ আহি এগৰাকী যুৱতীয়ে ক’লে চামগুৰি সত্ৰৰ মুখা শিল্প পৃথিৱী বিখ্যাত । এই মুখা শিল্প মাজুলীৰ লগতে অসমৰ গৌৰৱ । এই শিল্পক জীয়াই ৰখাটো প্ৰত্যেক জন লোকৰ প্ৰয়োজন, লগতে এই শিল্পক আগবঢ়াই নিব লাগে । যুৱ প্ৰজন্মক এই মুখা শিল্পক আগুৱাই নিবৰ বাবে আহ্বান জনাই যুৱতীগৰাকীয়ে । এই মুখা শিল্প শিকিবলৈ অহা যুৱতীয়ে বালি সুগীব্ৰৰ তয়াময়া যুজঁ চাই অভিভুত হৈ পৰে ।

এনেদৰেই এতিয়া মাজুলী ভৰি পৰিছে দেশী বিদেশী পৰ্যটকৰে । লাহে লাহে সময় ওচৰ চাপিছে শ্ৰী কৃষ্ণৰ ৰাসোৎসৱৰো(Majuli Raas Mahotsav) । এইবাৰ ৰাসোৎসৱত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে মাজুলী বাসীয়ে ।

লগতে পঢ়ক: দেশৰ প্ৰায় ১০০ টা স্থানত আয়কৰ বিভাগৰ অভিযান

Last Updated : Sep 7, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.