ETV Bharat / state

মাজুলীৰ পক্ষী অভয়াৰণ্য চৰাইচুঙলৈ নামি আহিছে বিপদ - ১৭০০ শতিকা

স্বৰ্গদেউ প্ৰতাপ সিংহই ১৭০০ শতিকাতে মাজুলীত বনৰীয়া পক্ষীৰ বিচৰণ থলীৰূপে গঢ়ি তোলা প্ৰাচীন পক্ষী অভয়াৰণ্য চৰাইচুং এতিয়া বিপদাপন্ন। চৰকাৰক অতি সোনকালে পক্ষী অভয়াৰণ্যখনৰ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান স্থানীয় ৰাইজৰ ৷

মাজুলীৰ পক্ষী অভয়াৰণ্য চৰাইচুঙলৈ নামি আহিছে বিপদ

author img

By

Published : Dec 19, 2020, 2:33 PM IST

মাজুলী, 19 ডিচেম্বৰ: মাজুলীৰ পক্ষী অভয়াৰণ্য চৰাইচুঙলৈ বিপদ নামি আহিছে ৷ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই ১৭০০ শতিকাতে উজনিৰ মাজুলীত বনৰীয়া পক্ষীৰ বিচৰণ থলীৰূপে গঢ়ি তোলা প্ৰাচীন পক্ষী অভয়াৰণ্য চৰাইচুং এতিয়া বিপদাপন্ন।

একাংশ অদূৰদৰ্শী মানুহে ঐতিহাসিক ক্ষেত্ৰখনৰ ভূমি বেদখল কৰাত উঠি পৰি লাগিছে। যাৰ পৰিপ্ৰেক্ষিতত সেই পক্ষী অভয়াৰণ্যখনত দেখা বিভিন্ন প্ৰকাৰৰ কাউৰী, কামচৰাই, বৰটোকোলা, হাঁহ, কণামুচৰী আদি আজি বিলুপ্তিৰ পথত।

মাজুলীৰ পক্ষী অভয়াৰণ্য চৰাইচুঙলৈ নামি আহিছে বিপদ

মানুহে খেতি কৰিবৰ বাবে আন কাৰণতো সেই অভয়াৰণ্যখনত থকা গছ-গছনি কাটি পেলাইছে যাৰ কাৰণে সেই পক্ষী অভয়াৰণ্যখনত থকা বিভিন্ন প্ৰজাতিৰ পখী এই ঠাইৰ পৰা আঁতৰি যোৱা দেখা গৈছে । তথাপিও এতিয়াও হাজাৰ হাজাৰ ৰাজহাঁহকে আদি কৰি বিভিন্ন ধৰণৰ পক্ষী দেখিবলৈ পোৱা যায় এই অভয়াৰণ্যখনত। চৰকাৰলৈ স্থানীয় ৰাইজৰ আহ্বান অতি সোনকালে যাতে সেই পক্ষী অভয়াৰণ্যখনৰ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।

লগতে পঢ়ক: নগাঁৱৰ তিনিটাকৈ পৰিষদীয় সমষ্টিত বিজেপিৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.