মাজুলী,7 জানুৱাৰী : মাজুলীৰ বনগাঁওস্থিত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত বুধবাৰে পালন কৰা হয় চুঙা পিঠা উৎসৱ ৷ উল্লেখ্য যে, বনগাঁৱৰ এইখন বিদ্যালয়ে পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও অসমীয়া সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ উৎসৱ বা পৰম্পৰা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই আহিছে ৷
পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো চুঙা পিঠা উৎসৱ পালন কৰা হয় নিকেতনত ৷ আজিৰ এই ব্যস্ততাপূৰ্ণ সমাজত সকলো নিজক লৈ ব্যস্ত থকা হেতুকে অসমৰ বহু পৰম্পৰা হেৰাই যোৱাৰ উপশম হৈছে ৷ গতিকে সেইবোৰৰ লগত ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়া হেতুকে এই চুঙা পিঠা উৎসৱ পালন কৰা হৈছে ৷
পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও এনেবোৰ পৰম্পৰা সৈতে চিনাকি কৰাই দিয়া বাবে নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰশংসা কৰিছে সকলোৱে ।
লগতে পঢ়ক : শিলচৰত তুংগত কৃষি আইন বিৰোধী প্ৰতিবাদ