ETV Bharat / state

বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং - flood in majuli

বাঢ়নি পানীত উটি গ'ল মাজুলীৰ চকোৱা ঘাটৰ বনগাঁও শালমৰা সংযোগী দলং ৷ যোগাযোগৰ বাবে গাঁৱৰে যুৱকে নিজা খৰছৰে বাঁহৰ দলং খন নিৰ্মাণ কৰিছিল ৷ যোগাযোগৰ একমাত্ৰ ভৰসা দলং খন উটি যোৱাত চিন্তাত স্থানীয় ৰাইজ ৷

বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং

author img

By

Published : Sep 28, 2020, 7:37 AM IST

মাজুলী, 28 চেপ্তেম্বৰ: বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ চকোৱা ঘাটৰ বনগাঁও শালমৰা সংযোগী দলং ৷ গাঁৱৰে কেইজনমান যুৱকৰ প্ৰচেষ্টাত নিৰ্মিত হোৱা বাঁহৰ দলং খন উটোৱাই নিয়াত যাতায়তৰ সংযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰাত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

বানত উটি গ'ল গাঁৱৰ যুৱকে নিৰ্মাণ কৰা বনগাঁও শালমৰা সংযোগী বাঁহৰ দলং

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দুটা বছৰ আগৰ পৰা এখন পকী দলং নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যদিও আজিকোপতি সেই দলং খন কাৰ্যক্ষম হৈ নুঠিল ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে শালমৰাৰ চকোৱা ঘাটত গাঁৱৰে কেইজনমান যুৱকে প্ৰতি বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি একোখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰি আহিছে ৷ কিন্তু চলিত বছৰটোত হোৱা চাৰিটাকৈ প্ৰলয়ংকাৰী বানে গাঁওখনৰ বহু অনিষ্ট সাধন কৰাৰ পাছত এতিয়া যোগাযোগৰ একমাত্ৰ ভৰসাৰ থলী বাঁহৰ দলং খনো উটোৱাই লৈ যোৱাত সমস্যাত পৰিছে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে পকী দলং নিৰ্মাণৰ কাম দুটা বছৰ আগতেই আৰম্ভ হৈ আজিলৈকে কাৰ্যক্ষম হৈ নুঠাত সাধাৰণ ৰাইজকে আদি কৰি বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে যথেষ্ঠ জীয়াতু ভুগি আহিছে ৷ এতিয়া আকৌ বাঁহৰ দলং খনো বাঢ়নি পানীয়ে উটুৱাই নিয়াত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক:গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে দলং নিৰ্মাণ কৰিলে দৰঙৰ ছিদ্দিক আহমেদে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.