ETV Bharat / state

খহনীয়াই ভাবুকি কঢ়িয়াইছে মাজুলীবাসীলৈ - কৃষিভুমি

খহনীয়াই মাজুলীবাসীৰ ঘৰ-মাটিলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ তত্বাৱধানত থকা টি কে কোম্পানীয়ে বিগত বছৰসমূহত খহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাত চিন্তিত হৈ পৰিছে মাজুলীবাসী ৷

river erosion brings fear among people of majuli
গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মাজুলীবাসীৰ ঘৰ-মাটিলৈ
author img

By

Published : Jun 8, 2021, 10:56 AM IST

মাজুলী,8 জুন: মাজুলীৰ শালমৰাৰ কামজান এলেংগীকে ধৰি বিভিন্ন অঞ্চলত এতিয়া ক'ভিড মহামাৰীতকৈও অধিক ভয়াৱহ হৈ পৰিছে খহনীয়াৰ প্ৰকোপ‌ । কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ ব'ৰ্ড (Brahmaputra Board) ৰ তত্বাৱধানত টি কে কোম্পানী(TK company) য়ে বিগত বছৰ বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ নামত মাজুলীৰ এচপৰা মাটিও ৰক্ষা কৰিব নোৱাৰাত দিকবিদিক হেৰুৱাই পেলাইছে অঞ্চলটোৰ প্ৰায় ৩০০ টা পৰিয়ালে ।

খহনীয়াই ভাবুকি কঢ়িয়াইছে মাজুলীবাসীলৈ

কামজান এলেংগীৰ ব্যাপক খহনীয়াৰ পৰিপ্ৰেক্ষিতত ৩০০ টা পৰিয়ালৰ আৱাসগৃহলৈ চৰম ভাবুকি নামি আহিছে ৷ জিলাখনত ব্ৰহ্মপুত্ৰই নিতৌ খহাইছে শালমৰাৰ কৃষিভূমিৰ লগতে বিস্তৰ আৱাসিক এলেকা ৷ বৰ্তমান কেইবাটাও পৰিয়ালে নদীখনৰ বাবে আৱাসগৃহ স্থানান্তৰ কৰিলে আৰু বহু পৰিয়ালে বাসস্থান সলনি কৰাৰ যো-জা চলোৱা পৰিলক্ষিত হৈছে ৷ আপোন ঘৰৰ ভেটি এৰি এতিয়া ক'লৈ যাব এই বিষয়লৈ পৰিয়ালসমূহ চিন্তিত হৈছে ৷

আনহাতে, কিছুদিন পূৰ্বে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী (water resource minister) গৰাকীয়ে মাজুলীৰ খহনীয়াj বিভিন্ন স্থান পৰিৰ্দশন কৰিছিল যদিও সকলোতকৈ স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত কামজান এলেঙিলৈ মন্ত্ৰী গৰাকী নোযোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

লগতে পঢ়ক: অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট পক্ষীৰ সন্ধান লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.