মাজুলী,13 ফেব্ৰুৱাৰীঃ ৰাজ্যত অচিৰেই বন্ধ কৰা হ’ব সংস্কৃত টোল আৰু মাদ্ৰাছা ৷ দীৰ্ঘদিনৰ পৰা চলি অহা এই টোল আৰু মাদ্ৰাছাসমূহ বন্ধ কৰাৰ ঘোষণাক লৈ মাজুলীত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ দেৱভাষা সংস্কৃতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সংস্কৃত টোলসমূহ বন্ধ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এখন সভাত প্ৰকাশ কৰে ৷
সংস্কৃত টোলক হাই-মাদ্ৰাছাৰ লগত তুলনা কৰি এই ধৰণৰ সকলো ধৰ্মীয় শিক্ষানুষ্ঠান বন্ধ কৰি সেইসমূহ হাইস্কুলৰ সৈতে চামিল কৰা হ’ব বুলি মন্তব্য কৰিছিল মন্ত্ৰী শৰ্মাই ৷ লগতে এইসমূহ বিদ্যালয়ৰ শিক্ষকসকলে ঘৰতে বহি দৰমহা লাভ কৰিব বুলি মন্তব্য কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ মাজুলীৰ কেইবাখনো সংস্কৃত টোলৰ অধ্যক্ষ,শিক্ষকে মন্ত্ৰীজনৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাজুলীৰ সত্ৰাধিকাৰসকল ৷ এই প্ৰসংগত চৰকাৰখনে পুনৰ বিবেচনা কৰাৰ দৰকাৰ আছে বুলি মত প্ৰকাশ কৰে মাজুলীৰ সত্ৰাধিকাৰসকলে ৷
লগতে চাওকঃটিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নিকাণ্ড