ETV Bharat / state

"মামা" মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদত উত্তাল হ’ল মাজুলী

author img

By

Published : Sep 1, 2022, 9:08 PM IST

মাজুলীত শিক্ষা বিভাগৰ বিৰুদ্ধে অভিভাৱক আৰু শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ (Protest in Majuli) ৷ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱক তথা শিক্ষাৰ্থীসকলে ৷

Protest in Majuli
মামা মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদত উত্তাল হ’ল মাজুলী

মাজুলী, 1 ছেপ্টেম্বৰ : ‘‘হিমন্ত মামা মুৰ্দাবাদ, শিক্ষামন্ত্ৰী মুৰ্দাবাদ, আমাক স্কুল লাগিবই’’ ইত্যাদি প্ৰতিবাদৰ ধ্বানিত উত্তাল হ’ল মাজুলী (Protest in Majuli) ৷ অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় একত্ৰীকৰণৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদত বহিল শতাধিত শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু শিক্ষক (Protest against School amalgamation in Majuli)৷

উল্লেখ্য যে নামনি মাজুলীৰ অতিকৈ পিছপৰা ঠাই মহৰিচুক অঞ্চল । 1959 চনতে ৰাইজে দান-বৰঙণি আগবঢ়াই মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল । অঞ্চলটোৰ দৰিদ্ৰ দিন হাজিৰা কৰা পিতৃ-মাতৃৰ বাবে সন্তানক জীৱন গঢ়াৰ সপোনৰ কমাৰশাল এই মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় ।

কিন্তু শিক্ষা বিভাগৰ অবিবেচক আৰু কাণ্ডজ্ঞানহীনlতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱকসকলো ।

শ্ৰেণী কোঠা এৰি এইবাৰ হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ লগতে শিক্ষকসকলেও প্ৰতিবাদত উত্তাল কৰে বিদ্যালয় চৌহদ । অভিযোগ অনুসৰি, বিদ্যালয়খন কৰতিপাৰ হাইস্কুলৰ লগত জাপি দিয়াৰ জো-যা কৰিছে । মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনত আছে 85 গৰাকী ছাত্ৰ-ছাত্ৰী ।

এই 85 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ভয়ংকৰ অমানিশা নামি আহিছে । যাৰ ফলত শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব অঞ্চলটোৰ শিক্ষাৰ্থীসকল ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.