ETV Bharat / state

মাজুলীৰ জোৎস্নাক আপোনাৰ এধানিমান সহায়ে মুখত হাঁহি বিৰিঙাব - প্রথম অৱস্থাত GMCHত ১৮ দিন

মাজুলীৰ ১২ বছৰীয়া জোৎস্না এতিয়া যকৃতৰ( লিভাৰ চি'ৰছিছ) ৰোগত আক্ৰান্ত । উপায়ুন্তৰ হৈ অসমবাসী ৰাইজৰ আৰু চৰকাৰৰ পৰা চিকিৎসা বাবে আৰ্থিক সহায় বিচাৰিছে জোৎস্নাৰ পিতৃ মাতৃয়ে । আপোনাৰ এধানিমান সহায়ে জোৎস্নাক সুস্থ কৰি তুলিব পাৰিব ৷

মাজুলীৰ জোৎস্নাক আপোনাৰ এধানিমান সহায়ে মুখত হাঁহি বিৰিঙাব

author img

By

Published : Jan 12, 2021, 2:32 PM IST

মাজুলী,12 জানুৱাৰীঃ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী জিলাৰ ২নং কঢ়ালগাঁওৰ সুশীল বৰা আৰু দীপা বাৰৰ কন্যা জোৎস্না বৰা দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে যকৃতৰ( লিভাৰ চি'ৰছিছ) ৰোগত ৷ এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ কণমানী জনীয়ে প্ৰায় ৯ মাহে আৱদ্ধ হৈ আছে ঘৰতে ৷ প্রথম অৱস্থাত GMCHত ১৮ দিন চিকিৎসা আগবঢ়াইছিল যদিও কণমানি জনীৰ বেণ্ডিং কৰিবলগা হোৱাত নেমকেয়াৰ হস্পিতাললৈ নিব লগা হয় । মে মাহত প্রথম বাৰৰ বাবে নেমকেয়াৰ হস্পিতালত বেণ্ডিং কৰা হয় । বেণ্ডিং কৰা পাছত কণমানিজনীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌ নিবলৈ পৰামৰ্শ আগবঢ়াই ৷

মাজুলীৰ জোৎস্নাক আপোনাৰ এধানিমান সহায়ে মুখত হাঁহি বিৰিঙাব

কিন্তু দিন হাজিৰা কৰা পিতৃয়ে উন্নত চিকিৎসা বাবে নিয়াতো দূৰৰ কথা অসমত চিকিৎসা আগবঢ়াবলৈ অসমৰ্থ হৈ পৰিছে ৷ ইতিমধ্যে কন্যাৰ চিকিৎসাৰ বাবে বিক্রী কৰিছে মাটি বাৰীকে আদি কৰি গোহালিৰ গৰু পৰ্যন্ত ৷ উপায়ন্তৰ হৈ এতিয়া জোৎস্নাই চৰকাৰ তথা হৃদয়ৱান লোকৰ পৰা বিচাৰিছে অলপ সহায়, যাতে ছোৱালী জনীক সুস্থ কৰি তাইৰ মুখৰ হাঁহিটো ঘুৰাই আনিব পাৰে ৷ আপোনাৰ এধানিমান সহায়ৰ ফলত জোৎস্নাই হেৰুৱা হাঁহি পুনৰ ঘূৰাই আনিব পাৰে ৷ সহায় কৰিব বাবে মাজুলী বনগাঁও শাখা, পাঞ্জাৱ নেচনেল বেংকত থকা দেউতাকৰ Account holder name: Sushil Borah একাউন্ট নম্বৰ 132001050663 IFSC-PUNB 0132020 ত ধন ভৰাই দিয়াৰ লগতে দেউতাকাৰ ফোন নম্বৰ 7032406142 ত যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়কঃ ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.