ETV Bharat / state

Tejaswita Boruah dead: প্ৰকৃততে কি হৈছিল মাজুলী জিলা চিকিৎসালয়ত - আকৌ কান্দিব লগাত পৰিছে মাজুলীয়ালে

অকালতে হেৰাই গ’ল মাজুলীৰ এটি উজ্বল তৰা ৷ ৰাজ্যবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ’ল মাজুলীৰ প্ৰতিভাৱান কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱা ৷ কিন্তু কেনেদৰে মৃত্যু হ’ল তেজস্বিতা বৰুৱাৰ ? এই সন্দৰ্ভত কি ক’লে তেজস্বিতাৰ মাতৃয়ে (Mother reaction to Tejashwita Barua death)...

প্ৰকৃততে কি হৈছিল মাজুলী জিলা চিকিৎসালয়ত

author img

By

Published : Oct 6, 2022, 2:19 PM IST

Updated : Oct 6, 2022, 3:06 PM IST

মাজুলী, 6 অক্টোবৰ : মাজুলীত আকৌ কান্দোনৰ ৰোল । আজি আকৌ কান্দিব লগাত পৰিছে মাজুলীয়ালে ৷ কিয়নো অকালতে হেৰাই গ’ল মাজুলীৰ সংগীত জগতৰ উজ্বল এটি প্ৰতিভা ৷ নাম তেজস্বিতা বৰুৱা ৷ বুধবাৰে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত অকাল মৃত্যুক সাৱটিব লগা হয় তেজস্বিতাই ।

হাস্পতালখনৰ চিকিৎসকৰ হেমাহিৰ বাবে তেজস্বিতাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে পৰিয়াল তথা আত্মীয়ই ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ এই ঘটনা সন্দৰ্ভত তেজস্বিতাৰ মাতৃ আৰু পৰিয়াল লোকেও মুখ খুলিছে সংবাদ মাধ্যমৰ আগত ৷

মাতৃ আৰু পৰিয়াল লোকে বুধবাৰে প্ৰকৃততে কি হৈছিল হাস্পতালখনত, সকলো এফালৰ পৰা কৈ গৈছে (Mother reaction to Tejashwita Barua death) ৷ আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাচতে ইতিমধ্যে নিলম্বন কৰা হৈছে হাস্পতালখনৰ অধ্যক্ষগৰাকীকো (Majuli district hospital superintendent suspended)।

প্ৰকৃততে কি হৈছিল মাজুলী জিলা চিকিৎসালয়ত

লগতে পঢ়ক : তেজস্বীতাৰ মৃত্যুৰ পাছতে মাজুলীৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া

উল্লেখ্য যে, শংকৰদেৱৰ জন্মোৎসৱৰ দিনটোত ৰাজ্যবাসীক কন্দুৱাই থৈ গ’ল মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতাই (Tejaswita Boruah dead)। মাত্ৰ ১৪ বছৰীয়া তেজস্বিতাৰ আকস্মিক বিয়োগে মৰ্মাহত কৰি তুলিছে সকলোকে (Singer Tejaswita Boruah dead)। তেজস্বিতাৰ মৃত্যুক পৰিয়ালৰ লগতে মাজুলীবাসীয়ে যেন সহজভাৱে ল’ব পৰা নাই ।

উক্ত বিষয়টোৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় লোকে । ইয়াৰে সমান্তৰালকৈ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি হাস্পতালখনৰ চিকিৎসা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰক দাবী জনাইছে তেজস্বিতাৰ পৰিয়ালৰ লগতে মাজুলীবাসী ৰাইজে ।

লগতে পঢ়ক : নিলম্বন কৰা হ’ল মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক

Last Updated : Oct 6, 2022, 3:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.