ETV Bharat / state

মাজুলী ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনৰ মাতৃ সন্মিলন সম্পন্ন

মাজুলী ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনত দুদিনীয়াকৈ আয়োজন কৰা হয় মাতৃ সন্মিলন (Matri Sanmilan held at Ratanpur Gayan Sankardev Sishu Niketan) ৷ য’ত বিদ্যালয়খনৰ মাতৃগোটৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে ৷

Matri Sanmilan held at Ratanpur Gayan Sankardev Sishu Niketan
মাজুলী ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনৰ মাতৃ সন্মিলন সম্পন্ন
author img

By

Published : Jun 30, 2022, 8:07 PM IST

মাজুলী, 30 জুন : কণ কণ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনত দুদিনীয়াকৈ আয়োজন কৰা হয় মাতৃ সন্মিলন (Matri Sanmilan held at Ratanpur Gayan Sankardev Sishu Niketan)। দুদিনীয়াকৈ আয়োজিত মাতৃ সন্মিলনত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনৰ মাতৃ সন্মিলন সম্পন্ন

এই অনুষ্ঠানতে নৃত্য, গীতকে ধৰি জাতীয় সংস্কৃতিৰ লগত কণ কণ ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰি দিয়াৰ উদ্দেশ্য এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ৷ ইয়াৰ লগতে শিক্ষাৰ্থীৰ বৌদ্ধিক আৰু মানসিক বিকাশত মাতৃৰ ভূমিকা শিৰ্ষক এটি আলোচনা চক্ৰও আয়োজিত কৰা হয় ।

কেৱল শিক্ষাৰ্থীৰ বাবেই নহয়, মাতৃসকলৰ বাবেও উক্ত অনুষ্ঠানতে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ য’ত কেবাগৰাকীও মাতৃয়ে অংশ গ্ৰহণ কৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে নিকেতনখনৰ প্ৰধান আচাৰ্যগৰাকীয়ে ৷

Matri Sanmilan held at Ratanpur Gayan Sankardev Sishu Niketan
মাতৃ সন্মিলন আয়োজন

উল্লেখ্য যে, এনে মনোজ্ঞ তথা সাংস্কৃতিক কাৰ্যসূচী আৰু বিদ্যালয় প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰি সকলোৰে সমাদৃত হোৱাই নহয়, ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণতো বিশেষ ভূমিকা পালন কৰিছে ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনৰ মাতৃ সন্মিলনে ।

লগতে পঢ়ক : কানহায়া লালৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.