মাজুলী, 22 এপ্ৰিল: মাজুলীৰ শালমৰাত সংঘটিত হৈছে এটা ভয়ংকৰ অগ্নিকাণ্ড ৷ মহেন্দ্ৰ ভূঞা নামৰ লোকজনৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ গ'ল ঘৰ দুৱাৰ, সা-সম্পত্তিৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷ খহনীয়াত সৰ্বস্ব হেৰুৱাই নতুনকৈ ঘৰখন পতাৰ বেছি দিন নহওতেই সকলো সা-সম্পত্তি জুইত জাহ যোৱাত পৰিয়ালটো এতিয়া উপায়হীন হৈ পৰিছে ৷
উল্লেখ্য যে, স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই নুমুৱাবলৈ সক্ষম নোহোৱাৰ ফলতে সম্পূৰ্ণ ৰূপে জুইত জাহ গ'ল বাসগৃহটো ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: ক'ভিড : মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক