মাজুলী, 29 ছেপ্তেম্বৰঃ মাজুলীত পানীত পৰি এজন লোকৰ মৃত্যু ৷ মৃত লোকজন মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইবাৰী গাঁৱৰ প্ৰেম বৰা বুলি চিনাক্ত কৰা হৈছে ৷ সোমবাৰে আবেলি ব্ৰহ্মপুত্ৰৰ এৰাসুতি মাৰেংগীয়া শুকানসুঁতি চাপৰিৰ পৰা পশুধন লৈ উভতি অহা সময়তেই নৈত পিচলি পৰে লোকজন ৷ পৰৱৰ্তী সময়ত এছ.ডি.আৰ.এফ বাহিনীয়ে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
