ETV Bharat / state

মাজুলীত স্কুটী বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - মুখ্য মন্ত্ৰী তথা মাজুলীৰ বিধায়ক

কাৰ্যসূচী অনুসৰি ১ বাজি ৩০ মিনিটত নামনি মাজুলীৰ অতি পিছপৰা বৰদুৱাৰত হেলিকপ্টাৰে অৱতৰণ কৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ১০ গৰাকী মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কৰে সোণোৱালে । উক্ত অনুষ্ঠানতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলাৰ লগতে ১৬ খন চৰকাৰী আঁচনিৰ আধাৰশিলা-উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

নিজ সমষ্টি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jan 5, 2021, 8:20 PM IST

Updated : Jan 5, 2021, 8:44 PM IST

মাজুলী,5 জানুৱাৰীঃ মঙলবাৰে মাজুলীত কেইবাটাও কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উদ্দেশ্যে নিজ সমষ্টিত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কাৰ্যসূচী অনুসৰি ১ বাজি ৩০ মিনিটত নামনি মাজুলীৰ অতি পিছপৰা বৰদুৱাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ১০ গৰাকী মেধাবী ছাত্ৰীক স্কুটি প্ৰদান কৰে সোণোৱালে । উক্ত অনুষ্ঠানতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলাৰ লগতে ১৬ খন চৰকাৰী আঁচনিৰ আধাৰশিলা-উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখযোগ্য যে,এই বেলি মাজুলীত উচ্চতৰ মাধ্যিক চূড়ান্ত পৰীক্ষাত মাজুলীৰ ১২১ গৰাকী ছাত্ৰীয়ে স্কুটি পাবলৈ সক্ষম হৈছে ।

নিজ সমষ্টি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

একেদৰে অতিকে পিছপৰা বৰদোৱা অঞ্চলত প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ চৰকাৰী আঁচনি সমূহৰ শুভাৰম্ভ কৰাৰ লগতে মাজুলীৰ উন্নয়ন সন্দৰ্ভত মন্তব্য আগবঢ়াই । তাৰ সমান্তৰভাৱে ৩ বজাত কাকৰিকটা পাবনাত অসমৰ প্ৰথমটো প্লাষ্টিক বটলেৰে নিৰ্মিত অংগনবাদী কেন্দ্ৰৰ গৃহ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । একেদৰে ৪ বজাত দৰিয়াৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত ব্ৰহ্মপুত্ৰ বৰ্ডৰ ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপস্থিত হৈ স্বাস্থ্য বিভাগকে ধৰি চৰকাৰী বিভাগসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। জানিব পৰা মতে আজি নিশাটো মাজুলী আৱৰ্ত ভৱনত কটাব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ মৰ্মান্তিকঃ খেলি থকা অৱস্থাতে অগ্নিদদ্ধ হৈ নিহত দুই শিশু

Last Updated : Jan 5, 2021, 8:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.