ETV Bharat / state

বানৰ পাছত মাজুলীত এতিয়া জলসংকট! - Majuli drinking water scarcity people drinking water from river

চৰকাৰৰ তথাকথিত উন্নয়নৰ আঁচনিয়ে ঢুকি নাপাই মাজুলীৰ শালমৰা অঞ্চল ৷ বানপানীৰ পাছত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগে শালমৰাবাসীয়ে ৷

বানৰ পাছত মাজুলীত এতিয়া জলসংকট!
author img

By

Published : Sep 14, 2019, 6:53 PM IST

মাজুলী, 14 ছেপ্তেম্বৰ: প্ৰতি বছৰে বান পানীয়ে ধুই নিয়া নদীদ্বীপ মাজুলীত এইবাৰ দেখা দিছে তীব্ৰ জলসংকটে ৷ উন্নয়নৰ জয়-ঢোল বজোৱা পৰিৱৰ্তনকামী চৰকাৰৰ তথাকথিত উন্নয়নৰ আঁচনিয়ে কোনো কালে ঢুকি নোপোৱা মাজুলীৰ শালমৰা অঞ্চলৰ বাসিন্দাসকল এতিয়া বঞ্চিত নিজৰ মৌলিক অধিকাৰৰ পৰাও ৷ বাৰিষা সোমোৱাৰ লগে লগে বস্তু বাহানি ঘৰৰ ওপৰৰ চাঙত উঠাই চাং-ঘৰত উঠে শালমৰাবাসী কিন্তু তাৰ পাছতো বানে এৰি নিদিয়ে অঞ্চলটোক ৷ প্ৰত্যেক বছৰে বানে খোৱা পানীৰ একমাত্ৰ উৎস টিউবেলসমূহ নিমিষতে নষ্ট কৰে ৷ দিন হাজিৰা আৰু খেতিৰে জীৱন নিৰ্বাহ কৰা অতি দৰিদ্ৰ লোকে বাসবাস কৰা শালমৰাত নতুনকৈ এটা টিউবেল বহুৱাৰ সামৰ্থও নাই অঞ্চলবাসীৰ ৷

উল্লেখযোগ্য যে বহুদিন আগতে অঞ্চলটোত চৰকাৰে এটা টিউবেল দিছিল যদিও কোনো অজ্ঞাত লোকে সেইটো চুৰ কৰি নিয়াৰ পাছত এতিয়া নদীৰ অপৰিস্কাৰ পানী খাইয়ে জীৱন-যাপন কৰিছে শালমৰাবাসীয়ে ৷ ইফালে 1 ছেপ্তেম্বৰৰ পৰা 30 ছেপ্তেম্বৰলৈ ভাৰত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে অসমত এই সমস্যাক লৈ চলাই আছে পোষণ মাহ অভিযান য'ত নাম নাই মাজুলীৰ শালমৰা অঞ্চলৰ ৷ এতিয়া প্ৰশ্ন হয় কেতিয়াকৈ অন্ত পৰিব মাজুলীবাসীৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ ? এই সকল লোকৰ অৱস্থা দেখাৰ পাছত গা-লৰিব নে চৰকাৰী বৰমূৰীয়াৰ ৷

Intro:অসমত বছৰি বানপানীয়ে বুৰাই প্ৰতিখন জিলাৰ বহু অঞ্চল। নদ- নদীৰে আৱৰি থকা অসমৰ বহু ঠাইত বৰ্তমানেও খোৱা পানীৰ সমস্যাই দেখা দি আছে। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অসমৰ এনে বহু ঠাই আছে যত বর্তমানেও উন্নয়নে ঢুকি পোৱা নাই। উন্নয়ন মূলক আঁচনি আছে যদিও আঁচনি সমূহ বহু সময়ত কাৰ্যকৰী হোৱা নাই । কেনেকৈ জীৱন নিৰ্বাহ কৰিছে এইসকল লোকে? তেওঁলোকৰ জীৱন প্ৰণালী আৰু দৈনন্দিন জীৱন নিৰ্বাহৰ সমস্যা কেনেধৰণৰ?

Body:মাজুলীৰ এখন ভিতৰুৱা গাঁওৰ এক জীয়া ছবি । সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চলৰ ৰাইজে প্ৰতিবছৰে বানপানীৰ সৈতে যেন মিত্ৰতা হে কৰে। বাৰিষা সোমোৱাৰ লগে লগে বস্তু বাহিনী ঘৰৰ ওপৰৰ চাংত উঠাই গিৰিহঁতে। সকলো যাবতীয় কাম যেন বানপানীৰ পূৰ্বে কৰি শেষ কৰে মাজুলীৰ শালমৰা অঞ্চলৰ এইসকল লোকে। বানপানীৰ পৰা হাত সাৰিবলৈ চাং ঘৰ বনাই বাস কৰে। কিন্তু বানপানী আহিলেই খোৱা পানীৰ সমস্যাই দেখা দিয়ে এই অঞ্চলৰ প্ৰতিঘৰ মানুহৰ ঘৰত।বানপানীয়ে ঘৰৰ একমাত্ৰ টিউবেলতো নিমিষতে নষ্ট কৰে যাৰ ফলত নদীৰ পানী এনেকৈ পানী নিষ্কাষণ কৰি খাই । বছৰে বছৰে এটা টিউবেল নতুনকৈ বহুৱাৰ সামৰ্থ নথকা লোকসকলে এনেদৰে খোৱা পানী খাই আহিছে।
Bite:-স্থানীয় মহিলা।
চৰকাৰে এটা টিউবেল দিছিল যদিও কোনো অজ্ঞাত লোকে চোৰ কৰি নিয়াৰ পিছত এনেদৰে নদীৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে এইসকল লোকে।

Conclusion:নদীৰ ওপৰত নিৰ্ভৰশীল এইসকল লোকে চৰকাৰৰ উন্নয়ন আঁচনিৰ পৰা বর্তমানেও যেন আঁতৰি আছে। ভাৰত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰনালায়ে অসমত 1 ছেপ্তেম্বৰৰ পৰা 30 ছেপ্তেম্বৰ লৈ পোষণ মাহ অভিযান চলাব । অভিযানত এই পোষণ মাহ অভিযানেও যেন ঢুকি পোৱা নাই মাজুলীৰ এই অঞ্চল সমূহ। খোৱা পানীৰ এই সমস্যা কেতিয়া শেষ হব এই লোক সকলৰ। ভৱিষ্যত প্ৰজন্মইও এনেদৰে নদীৰ পানী খাই জীৱন কটাব লাগিব নেকি? নে চৰকাৰৰ উন্নয়ন মূলক আঁচনীয়ে ঢুকি পাব এটা সময়ত অসমৰ বিভিন্ন প্ৰান্তত থকা এনে অঞ্চলসমূহ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.