ETV Bharat / state

ৰঙালী বিহুৰ বাবে প্ৰস্তুতি চলাইছে মাজুলীৰ মৃৎ শিল্পী সকলে - মৃৎ শিল্পৰ বাবে চহকী মাজুলীৰ শালমৰা গাঁৱতো ভীষণ ব্যস্ততা

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । যোৱা দুটা বছৰত কভিড মহামাৰীৰ বাবে বিহুকে ধৰি আন আন অনুস্থান উদযাপন কৰাত আহি পৰিছিল নানা বাধ্য বাধকতা । এই বছৰ ক'ভিড মহামাৰীৰ ভয়াবহতা কিছু পৰিমাণে হ্ৰাস পোৱাত মৃৎ শিল্পী সকল উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে (Ceramic artists prepare for Rangali Bihu) ।

ৰঙালী বিহুৰ বাবে প্ৰস্তুতি চলাইছে মাজুলীৰ মৃৎ শিল্পী সকলে

author img

By

Published : Mar 29, 2022, 8:32 PM IST

মাজুলী,২৯ মাৰ্চ: অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । যোৱা দুটা বছৰত কভিড মহামাৰীৰ বাবে বিহুকে ধৰি আন আন অনুস্থান উদযাপন কৰাত আহি পৰিছিল নানা বাধ্য বাধকতা । এই বছৰ ক'ভিড মহামাৰীৰ ভয়াবহতা কিছু পৰিমাণে হ্ৰাস পোৱাত মৃৎ শিল্পী সকল উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে (Ceramic artists prepare for Rangali Bihu) ।

মৃৎ শিল্পৰ বাবে চহকী মাজুলীৰ শালমৰা গাঁৱতো এতিয়া ভীষণ ব্যস্ততা । ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়ত অতি তৎপৰতাৰে বিহুত প্ৰয়োজনীয় সামগ্ৰী সমূহ মাটিৰে নিৰ্মাণ কৰি উলিওৱাত ব্যস্ত মৃৎ শিল্পীসকল । মাটিৰে নিৰ্মাণ কৰি উলিওৱা কলহ, টেকেলীকে আদি কৰি আন আন সামগ্ৰী সমূহ বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে এইসকল মৃৎ শিল্পীয়ে ।

ৰঙালী বিহুৰ বাবে প্ৰস্তুতি চলাইছে মাজুলীৰ মৃৎ শিল্পী সকলে

মাজুলীৰ লগতে শিৱসাগৰ, যোৰহাট, লক্ষিমপুৰ তথা অসমৰ বিভিন্ন স্থানলৈ যায় এই সামগ্ৰী সমূহ । মাটিৰ সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱৰ বাবে বিগত বৰ্ষৰ তুলনাত এইবাৰ কম পৰিমানে মাটিৰ সামগ্ৰী নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে । মৃৎ শিল্পৰ লগত জড়িত এই সকল লোকৰ চৰকাৰলৈ আহ্বান, অকণমান সহায়ৰ হাত আগবঢ়াই তেওলোকৰ পৰিয়ালসমূহৰ লগতে এই এই শিল্পটোক জীয়াই ৰখাৰ ক্ষেত্ৰত লওক ব্যৱস্থা ।

লগতে পঢ়ক: Bihu preparation in Assam : থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ নন্দলাল ৰবিদাস

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.