মাজুলী, 9 নৱেম্বৰ : সত্ৰনগৰী মাজুলীত একাংশ অসাধু ব্যৱসায়ে চলাই আহিছে বিলাতী সুৰাৰ চোৰাং বেহা ৷ গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই প্ৰায় 4 লাখ টকাৰ অবৈধ সুৰা জব্দ কৰে মাজুলী আৰক্ষীয়ে ৷ বিগত দিনবোৰতো মাজুলী আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷
আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা মাজুলী আৰক্ষী থানাই ৰাস উৎসৱৰ পূৰ্বে মাজুলীলৈ অনা ৫০১ বটল বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ কমলাবাৰী ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ এটা চাপৰিৰ পৰা জব্দ কৰে সুৰাখিনি ৷
পাৰঘাটৰ এখন সৰু নাৱত মজুত ৰখা হৈছিল সুৰাখিনি ৷ এই সুৰা ব্যৱসায়ৰ লগত জড়িত কোনো এজন লোকক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও অসাধু চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, আৰক্ষীৰ এই অভিযানত নেতৃত্ব দিছিল মাজুলী আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ ৰামচিয়াৰীয়ে ।
লগতে পঢ়ক: চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত