ETV Bharat / state

Snakebite Treatment in Majuli: মাজুলীত আৰম্ভ হ’ল সৰ্প দংশনৰ চিকিৎসা

author img

By

Published : Jul 9, 2022, 9:42 PM IST

মাজুলীবাসীৰ বাবে এক সু-খবৰ । মাজুলীত আৰম্ভ হ'ল সৰ্প দংশনৰ চিকিৎসা (Snakebite treatment in Majuli)। এতিয়াৰে পৰা মাজুলী জিলা চিকিৎসালয়ত কৰিব পাৰিব সৰ্প দংশনৰ চিকিৎসা (From now on, snake bites can be treated at Majuli District Hospital) ।

Antivenom dosed for the first time in Majuli
মাজুলীত আৰম্ভ হ’ল সৰ্প দংশনৰ চিকিৎসা

মাজুলী, 9 জুলাই : প্ৰথমবাৰৰ বাবে মাজুলীত আৰম্ভ হ’ল বিষাক্ত সৰ্প দংশনৰ চিকিৎসা (Snakebite treatment in Majuli)। কিছুদিন পূৰ্বে মাজুলী জিলা চিকিৎসালয়ত ডাঃ মানিক মিলিৰ নেতৃত্বত এটা চিকিৎসকৰ দলে বিষাক্ত সাপে দংশন কৰা মাজুলীৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাক এন্টিভেনম চিকিৎসা প্ৰদান কৰি আৰোগ্য কৰি তুলিছিল(Elderly woman cured by antivenom treatment in Majuli) ৷ প্ৰথমবাৰৰ বাবে মাজুলী জিলা চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসা কৰি সফলতা লাভ কৰিছিল মাজুলীৰ এটা চিকিৎসকৰ দলে ।

জানিব পৰা মতে, মাজুলীৰ কমলপুৰৰ মেদেও শইকীয়া নামৰ এগৰাকী 67 বছৰীয়া বয়োজ্যেষ্ঠ মহিলাক ৰাতি নিজৰ ঘৰতে এটা বিষাক্ত সাপে দংশন কৰিছিল । তাৰ পাচতে মহিলগৰাকী বিষত জৰ্জৰিত হৈ পৰে । মহিলাগৰাকীৰ ঘৰৰ মানুহে সাপটো মাৰি মৰা সাপটোৰ সহিতে মহিলাগৰাকীক গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ আনে ।

তেতিয়া জিলা চিকিৎসালয়খনত কৰ্মৰত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ মানিক মিলিয়ে সৰ্প দংশনৰ ডিমৌৰ বিশেষজ্ঞ চিকিৎসক ডাঃ সুৰজিত গিৰিৰ সৈতে আলোচনা কৰি "বেনডেড ক্ৰেইট'' প্ৰজাতিৰ সাপটোয়ে মেদেও শইকীয়াক দংশন কৰা বুলি নিশ্চিত হয় (Confirmed to bitten by banded krait species snake) । তাৰ পাচত ডাঃ মানিক মিলিয়ে মেদেও শইকীয়াৰ পৰিয়ালৰ লগত আলোচনা কৰি "এন্টিভেনম চিকিৎসা" আৰম্ভ কৰে ।

মাজুলীত আৰম্ভ হ’ল সৰ্প দংশনৰ চিকিৎসা

ডাঃ মিলিয়ে চিকিৎসালয়খনৰ আন তিনিজন চিকিৎসক ডাঃ ৰনোজ পেগু, ডাঃ পুলক ফুকন আৰু ডাঃ ৰম্য পেগুৰ লগ হৈ এটা চিকিৎসকৰ দল গঠন কৰি মেদেও শইকীয়াক তৎকালীনভাৱে জিলা চিকিৎসালয়ৰ আই চি ইউ কক্ষত ভৰ্তি কৰে । আই চি ইউত ভৰ্তি কৰাৰ পাচতে এন্টিভেনম চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হয় । সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ডাঃ মিলিয়ে ৷

লগতে পঢ়ক : নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

তেওঁ কয় যে, আই চি ইউত ৰাখি মাজুলীৰ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে ডাঃ মানিক মিলিৰ নেতৃত্বত ডাঃ ৰনোজ পেগু, ডাঃ পূলক ফুকন আৰু ডাঃ ৰম্য পেগুয়ে এন্টিভেনম বেজি দি মহিলাগৰাকীক আৰোগ্য কৰি তোলে । এন্টিভেনম দিয়া মেদেও শইকীয়াক প্ৰায় 72 ঘন্টা চিকিৎসকৰ দলটোৱে নিজৰ পৰ্যবেক্ষণত ৰাখে । শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কিছু কম হোৱাৰ বাবে মেদেও শইকীয়াক চিকিৎসালয়খনতে দুই ইউনিটৰ তেজো প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, মাজুলীত বিষাক্ত সাপৰ সংখ্যা বহুত বেছি(Poisonous snakes in Majuli) । বিষাক্ত সৰ্প দংশনত মাজুলীত প্ৰতিবছৰে বহু মানুহৰ মৃত্যু হয় । সাপে কামুৰিলে মাজুলীৰ মানুহে এন্টিভেনম দিবলৈ যোৰহাট, ডিমৌ বা লখিমপুৰৰ জিলা চিকিৎসালয়লৈ লৈ যাব লগাত পৰে । যাৰ ফলত মাজ বাটতে সাপে দংশন কৰা বহু লোকে মৃত্যুত সাবটিব লগাত পৰে ।

লগতে পঢ়ক : Covid infection increased in Assam: অসমত ক'ভিডত পুনৰ দুজনৰ মৃত্যু

আনকি বহু লোকে বিষাক্ত সাপে কামোৰিলে বেজৰ আশ্ৰয় লয় ৷ এনে কৰাটো উচিত নহয় বুলি চিকিৎসা বিজ্ঞানত উল্লেখ আছে । জানিব পৰা মতে, পূৰ্বৰে পৰা মাজুলীৰ জিলা চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসাৰ বাবে এন্টিভেনম আছিল যদিও আই চি ইউত প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসকৰ অভাৱৰ বাবে এন্টিভেনম বেজি দিয়া হোৱা নাছিল ।

কিন্তু বৰ্তমান জিলা চিকিৎসালয়তো এই ব্যৱস্থা সুচাৰুৰূপে হৈ উঠিছে ৷ ডাঃ মানিক মিলিৰ নেতৃত্বত এন্টিভেনম ড'জ প্ৰদান কৰি সাপে কামোৰা ৰোগীক আৰোগ্য কৰি তোলাৰ বিষয়টোৱে মাজুলীবাসীৰ বাবে এক আশাৰ সঞ্চাৰ কৰিছে । মাজুলীৰ জিলা চিকিৎসালয়ত আই চি ইউত ভৰ্তি কৰি চিকিৎসালয়খনতে এন্টিভেনম দিয়াৰ ব্যৱস্থা আৰম্ভ হোৱাত মাজুলীৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

মাজুলীৰ সচেতন ৰাইজে ডাঃ মানিক মিলি আৰু তেওঁৰ চিকিৎসকৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে । জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ মানিক মিলিয়ে মাজুলীত কোনো লোকক সাপে কামুৰিলে, তৎকালীনভাৱে সময় খৰচ নকৰাকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰিবলৈ মাজুলীবাসীক আহ্বান জনাইছে ।

লগতে পঢ়ক : চৰকাৰৰ স্ক্ৰেপজ নীতি: সংশয়ত ভুগিছে কাজিৰঙাৰ জীপ ছাফাৰী সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.