মাজুলী,28 ডিচেম্বৰ: মাজুলীৰ এগৰাকী কণমানিয়ে সম্প্ৰতি হৃদয় জয় কৰিছে সমগ্ৰ অসমবাসীৰ ৷ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত দীপ্তি হাজৰিকা নামৰ কণমানিগৰাকীৰ নাম এতিয়া চৰ্চিত সকলোৰে মুখে-মুখে ৷ 10 বছৰ বয়সতে দীপ্তিৰ কণ্ঠত প্ৰাণ পাই উঠিছে ল’ৰালি নামৰ এটি অডিঅ’ আৰু ভিডিঅ’ গীতে ৷ সামাজিক মাধ্যম ইউ টিউবৰ জৰিয়তে কণমানিগৰাকীয়ে বুটলিছে বহুজনৰ প্ৰশংসা ৷ এই কণমানিগৰাকী মাজুলীৰ শালমৰাৰ বাসিন্দা ৷ দীপ্তিৰ পিতৃ পেচাত এগৰাকী মৃৎ শিল্পী ৷
বোকাত পদুম ফুলে- এই কথাষাৰ আখৰে আখৰে প্ৰতিপন্ন হৈছে দীপ্তিৰ ক্ষেত্ৰত ৷ আৰ্থিকভাৱে দুৰ্বল দীপ্তিৰ বাসগৃহত এজাক বৰষুণতে জমা হয় পানী ৷ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা কণমানিগৰাকীৰ কণ্ঠৰ যাদুৱে মোহিত কৰিছে প্ৰতিগৰাকী শ্ৰোতাক ৷ বৰগীত, লোকগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, জুবিন গাৰ্গৰ গীত, বিহু, আইনাম, বিয়ানামকে ধৰি থলুৱা গীত-মাতত দখল আছে কণমানি শিল্পীগৰাকীৰ ৷ ইয়াৰোপৰি তাঁতশালতো এগৰাকী দক্ষ শিপিনীৰূপে পৰিচিত হৈছে শালমৰাৰ দীপ্তি হাজৰিকা ৷
লগতে চাওকঃ নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো