ETV Bharat / state

বানৰ ফলত জীৱ-জন্তুৰ হাহাকাৰ:মাজুলীত উদ্ধাৰ হৰিণা - উদ্ধাৰ হৰিণা

মাজুলীৰ লগত সংযুক্ত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সেইবাবে মাজুলীৰ চৰ-চাপৰিত কাজিৰঙাৰ বনৰীয়া জীৱজন্তু সমূহে মুক্তভাৱে বিচৰণ কৰে ।

বানৰ ফলত জীৱ-জন্তুৰ হাহাকাৰ
author img

By

Published : Jul 13, 2019, 11:24 AM IST

মাজুলী , ১৩ জুলাই: সমগ্ৰ ৰাজ্যতে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানৰ ফলত বনৰীয়া জীৱ-জন্তু হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । মাজুলীৰ লগত সংযুক্ত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সেইবাবে মাজুলীৰ চৰ-চাপৰিত কাজিৰঙাৰ বনৰীয়া জীৱজন্তু সমূহে মুক্তভাৱে বিচৰণ কৰে ।

বানৰ ফলত জীৱ-জন্তুৰ হাহাকাৰ

কিন্তু বানত সকলো চাপৰি ডুবি যোৱাত জীৱকুললৈ ভয়ংকৰ সমস্যা নামি আহিছে । তেনে সময়তে শনিবাৰে মাজুলীৰ ভকত চাপৰিত ৰাইজে বানত উটি অহা এটা হৰিণা উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অঞ্চলটোৰ ৰাইজে হৰিণাটো মাজুলী জিলা প্ৰশাসনৰ সাহাৰ্য বিতৰণকাৰী দলৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰে । প্ৰশাসনৰ দলটোৱে পাচত হৰিণাটো নিৰাপদে আনি জিলা বন বিভাগক গতাই দিয়ে । ইতিমধ্যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বানত উটি অহা হৰিণাটো প্ৰয়োজনীয় চিকিৎসাসহ সুৰক্ষিত ভাৱে ৰাখিবলৈ মাজুলীৰ ডিএফঅ'ক দায়িত্ব দিছে ।

Intro:বানৰ ফলত বনৰীয়া জীৱজন্তুৰ হাহাকাৰ।। উদ্বাৰ হৰিনা।।

V.O--বানৰ ফলত হাহাকাৰ বনৰীয়া জীৱজন্তুৰ।মাজুলীৰ লগত কাজিৰঙা সংযুক্ত হৈ আছে । সেইবাবে মাজুলীলৈ কাজিৰঙা বনৰীয়া জীৱজন্তুৱে বিচৰন কৰে । মাজুলী চৰ চাপৰিত হৰিনা পহু বিচৰন থলী। বানত সকলো চাপৰি ডুবি গলত জীৱকুললৈ ভয়াবহ সমস্যা নামি আহিছে। বানত উটি অহা হৰিণা এটা আজি ভকত চাপৰিৰ ৰাইজে উদ্ধাৰ কৰে।মাজুলী জিলা প্ৰশাসনৰ সাহাৰ্য বিতৰণকাৰী দলৰ হাতত গটাই দিয়াৰ ব্যৱস্থা কৰে অঞ্চলটোৰ ৰাইজে। Body:প্ৰশাসনৰ দলটোৱে পাছত হৰিণাটো নিৰাপদে আনি জিলা বন বিভাগক অৰ্পণ কৰে। ইতিমধ্যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বানত উটি অহা হৰিণাটো প্ৰয়োজনীয় চিকিৎসাসহ সুৰক্ষিত ভাৱে ৰাখিবলৈ মাজুলীৰ ডিএফঅ'ক দায়িত্ব দিছে।Conclusion:মাজুলী পৰা যদুমণি শইকীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.