মাজুলী, ২২ মে': দেশ তথা অসমত কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । বিগত সময়তো ৰাজ্য চৰকাৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সাহায্য বিচাৰি জাননী জাৰি কৰিছিল ৷ চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাজুলীৰ যুৱকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ৷
মাজুলীৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক সমাজকর্মী তথা বিজেপি দলৰ যুৱনেতা বিতোপন দলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ লাখ টকা আগবঢ়াইছে । সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীবিধৰ সৈতে মোকামিলা কৰিবলৈ ৰাজ্য চৰকাৰখনৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সমাজ-কৰ্মী বিতোপন দলেই ব্যক্তিগত ভাৱে এক লাখ টকা আগবঢ়ায় । ইয়াৰ পূৰ্বেও বিভিন্ন জনৰ সহায় হোৱাকৈ বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছে এই যুৱ নেতাজনক ।
লগতে পঢ়ক: বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মাটিয়েখানা গাঁৱৰ 4 যুৱক