ETV Bharat / state

Majuli By Election Result : বৃহৎ ভোটৰ ব্যৱধানত ভূৱন গামৰ বৃহৎ জয়

author img

By

Published : Mar 10, 2022, 1:19 PM IST

বিজেপিৰ দখলত মাজুলী ৷ চিত্তৰঞ্জন বসুমতাৰীৰ হৰুৱাই বিজয়ৰ হাঁহি মাৰিলে ভূৱন গামে (Bhuban Gam wins Majuli by election) ৷ 41,530 টা ভোটৰ বিনিময়ত বিজেপি প্ৰাৰ্থী গামে পৰাজিত কৰে নিকটতম প্ৰতিদ্বন্দ্বী তথা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ৷

Majuli by election
Majuli by election

নিউজ ডেস্ক, 10 মাৰ্চ : মাজুলী উপ-নিৰ্বাচনত বৃহৎ জয় বিজেপিৰ (BJP victory in Majuli) ৷ 41,530 টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী ভূৱন গামৰ ৷ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী পৰাজিত মাজুলীত ৷

প্ৰায় চৈধ্যটা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামে 66,094 টা ভোট লাভ কৰাৰ বিপৰীতে এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰে 24,564 টা ভোট ৷ বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰিছে 2,243 টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা 1,609 টা ৷

অৱধাৰিতভাৱে দেখা গ’ল যে, পৌৰ নিৰ্বাচনৰ পিছতে পুনৰবাৰ মাজুলীতো আধিপত্য় বিস্তাৰ কৰিবলৈ সক্ষম হ’ল বিজেপি ৷ বিপৰীতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই খালে মুখথেকেচা ৷

লগতে চাওক: Manipur election result : বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ এন বিৰেন সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.