মাজুলী, ২৯ জুলাই: অসম সত্ৰ মহাসভা সত্ৰীয়া সংস্কৃতি চর্চা কেন্দ্ৰ,পৰীক্ষা পৰিষদৰ ২০২২-২৩ বৰ্ষৰ বিশাৰদ চূড়ান্তৰ ফলাফল ইতিমধ্য়ে ঘোষণা কৰা হৈছে । অসম সত্ৰ মহাসভা সত্ৰীয়া সংস্কৃতি চর্চা কেন্দ্ৰ,পৰীক্ষা পৰিষদৰ বিশাৰদ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে উপাসনা বেজবৰুৱাই । সত্ৰীয়া নৃত্য বিষয়ত কৃতিত্ব অর্জন কৰিছে মাজুলীৰ উপাসনা বেজবৰুৱাই । উল্লেখযোগ্য যে মাজুলী শংকৰজ্যোতি বহুমূখী সাংস্কৃতিক মহাবিদ্যালয়ৰ ছাত্ৰী উপাসনা বেজবৰুৱাই ইতিমধ্যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে । মাজুলী শংকৰজ্যোতি বহুমূখী সাংস্কৃতিক মহাবিদ্যালয়ে বিগত সময়ত এইক্ষেত্ৰত সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
উপাসনা বেজবৰুৱাই নৃত্য গুৰু উপেন ভৰালী বায়নৰ তত্বাৱধানত সত্ৰীয়া নৃত্য বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ উপৰি শৈশৱত কিছুদিন মুহিধৰ বৰা বায়নৰ ওচৰত সত্ৰীয়া আখৰাৰ শিক্ষা গ্ৰহণ কৰিছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত লেটাৰসহ প্রথম বিভাগত উত্তীৰ্ণ উপাসনা বেজবৰুৱাৰ পিতৃ বিশিষ্ট সাংস্কৃতিক কর্মী কমলাবাৰী ওপৰকাটনী গাঁৱৰ প্ৰদীপ বেজবৰুৱা আৰু মাতৃ মঞ্জুলা গোস্বামী বেজবৰুৱা । উপাসনা বেজবৰুৱাই শৈশৱৰ পৰাই অধ্য়য়নৰ সমান্তৰালভাৱে নৃত্য় শিকি আহিছে ।
লগতে পঢ়ক:Poet Hiren Bhattacharyya: অসমীয়া জাতিটোক জানিবলৈ হীৰুদাকো জনাটো দৰকাৰ; গণশিল্পী লোকনাথ গোস্বামী
মাজুলীলৈ সত্ৰীয়া নৃত্য বিষয়ত ৰাজ্যিক সন্মানৰ অধিকাৰী হোৱা উপাসনা বেজবৰুৱাক মাজুলীবাসী ৰাইজৰ লগত শংকৰজ্যোতি বহুমূখী সাংস্কৃতিক মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গই অভিনন্দন জ্ঞাপন কৰিছে । লগতে অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদক প্ৰতি বছৰে অসমৰ ভিতৰত সর্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক পুৰস্কৃত কৰা কাৰ্যক শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ উপাসনা বেজবৰুৱায়ো এই সাফল্য়ৰ বাবে মাজুলী শংকৰজ্যোতি বহুমূখী সাংস্কৃতিক মহাবিদ্যালৰ শিক্ষাগুৰু সকলক ধন্য়বাদ জ্ঞাপন কৰিছে । ভবিষ্য়তেও এই ধাৰা অব্য়াহত ৰাখিব বুলি কয় উপাসনা বেজবৰুৱাই ।