ETV Bharat / state

Chaange Chaange Congress: এক্সপ্ৰেছ হাইৱে’ চাবলৈ গৈ মাজুলীত চাঙত উঠিল কংগ্ৰেছ - Lok Sabha Election 2024

ইটোৰ পাছত সিটোকৈ কাৰ্যসূচী হাতত লৈ ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ বাগিচাই বাগিচাই কংগ্ৰেছৰ পাছত এইবাৰ দলটোৱে হাতত লৈছে চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী ৷

Chaange Chaange Congress
এক্সপ্ৰেছ হাইৱে’ চাবলৈ গৈ মাজুলীৰ চাঙচ উঠিল কংগ্ৰেছ
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 8:27 PM IST

এক্সপ্ৰেছ হাইৱে’ চাবলৈ গৈ মাজুলীৰ চাঙচ উঠিল কংগ্ৰেছ

মাজুলী, 13 অক্টোবৰ: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ বাবে এতিয়া তৎপৰ শাসকীয় দলৰ লগতে বিৰোধী । ইটোৰ পাছত সিটোকৈ কাৰ্যসূচী হাতত লৈছে বিৰোধী দল কংগ্ৰেছে । বাগানে বাগানে কংগ্ৰেছৰ কাৰ্যসূচীৰ পাছত এইবাৰ চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী । সত্ৰপীঠ মাজুলীৰ পৰা আৰম্ভ হৈছে এই চাঙে চাঙে কংগ্ৰেছ যাত্ৰা ।

শুকুৰবাৰে ফেৰীৰে পুৱাই মাজুলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নামনি মাজুলীৰ চেলেক খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে । ভূপেন বৰাৰ লগত উপস্থিত থাকে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী ৰাজীব লোচন পেগু আৰু মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ৷

বিজেপিয়ে নিৰ্বাচনৰ আগত দিয়া ভিজন ডকুমেন্টত উল্লেখ কৰা ব্ৰহ্মপুত্ৰ খনন কৰি নিৰ্মাণ কৰা এক্সপ্ৰেছ হাইৱে’ বিচাৰি চাঙে চাঙে যাব লগা হৈছে কংগ্ৰেছ । কংগ্ৰেছৰ ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচীৰ এয়া উদ্দেশ্য বুলি দলটোৰ সভাপতি ভূপেন বৰাই ভাষণত উল্লেখ কৰে । লগতে তেওঁ কয় যে- এইবাৰ কংগ্ৰেছ শাসনলৈ আহিলে ‘ন লখিমী’ নামেৰে আঁচনি ৰূপায়ন কৰিব । য’ত মহিলাসকলে ২৫০০ টকাকৈ লাভ কৰিব । ইয়াৰোপৰি ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান দিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয় ।

লগতে ভূপেন বৰাই কয় যে বিজেপিৰ দিনত দুৰ্নীতিত জড়িত মন্ত্ৰী, বিধায়ক-আমোলাক জে’লত ভৰাই সকলো ধন-সম্পত্তি ৰাজকোষলৈ আনিব ৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ভূপেন বৰাই কয় যে কংগ্ৰেছে প্ৰকাশ কৰা ৮৪ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰহে । পূৰ্বৰ দৰে এইবাৰো কংগ্ৰেছে শক্তিশালী ৰূপত লোকসভা নিৰ্বাচন খেলিব । আনহাতে অখিল গগৈয়ে যোৰহাটৰ পৰা টিকট বিচাৰিছে যদিও লুৰীণজ্যোতি গগৈয়ে এতিয়াও স্থিতি ষ্পষ্ট কৰা নাই বুলি সভাপতিগৰাকীয়ে কয় ।

ইফালে চাঙে চাঙে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ‘অমৃত কলহ যাত্ৰা’ক ‘শ্মশান যাত্ৰা’ আখ্যা দিয়ে । ৰাণা গোস্বামীকো চেলেকত অনুষ্ঠিত ৰাজহুৱা সভাত বিজেপিৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক ৰূপত দেখা গ’ল । ৰাজীব লোচন পেগুকো দেখা গ’ল আক্ৰমনাত্মক ৰূপত । মাজুলীৰ পৰা আৰম্ভ হোৱা ‘চাঙে চাঙে কংগ্ৰেছ’ৰ এই কাৰ্যসূচীত মাজুলীত দুখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । উজনি মাজুলীৰ সোণোৱাল কছাৰীত অন্ত পৰে চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী ।

লগতে পঢ়ক: Lok Sabha Election 2024 : কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকাক লৈ বিৰোধী ঐক্যত খলকনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.