ETV Bharat / state

মোৰ দিনত কোনো ধৰণৰ স্কেম নাই: ড৹ হিমন্ত বিশ্ব শৰ্মা - এ পি এছ চি কেলেংকাৰী

ভোট দিলে উঠি দিম, কিন্তু পিচত আকৌ মোৰ ওপৰতে নিউজ বনাই থাকিলে দিগদাৰ হ’ব না ! মাজুলী-যোৰহাট সংযোগী দলঙৰ 20% কাম সম্পূৰ্ণ ৷ মোৰ কামৰ লিষ্টখন বহুত ডাঙৰ, APSC টো পুলিচৰ কাম- মাজুলীত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

assam cm visits majuli to watch raas festival
মাজুলীত মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 4:46 PM IST

মাজুলীত মুখ্যমন্ত্ৰী

মাজুলী, 28 নৱেম্বৰ : মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ আনন্দ উল্লাহৰ মাজতে মঙলবাৰে কিছু সময়ৰ পূৰ্বে মাজুলীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে মাজুলীৰ দুই লক্ষাধিক জনতাৰ সপোন মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য । নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি যথেষ্ট সন্তুষ্ট বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে ৷ শতাংশ হিচাপত কিন্তু 20% কাম সম্পূৰ্ণ হৈ উঠিছে বুলিও তেওঁ দাবী কৰে ৷ ‘26 তে দলং সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ মন্তব্য কৰিছিল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ‘একদম ‘26 বুলিয়ে কোনেও ভাবি ল’ব নালাগে ৷ চাব্বিছত নহৈ চাৰে চাব্বিছত হ’লেও কাৰো বিশেষ অসুবিধা নহয় ৷ কি ঠিক ‘25 তো হৈ যাব পাৰে দলং’ ৷

assam cm visits majuli to watch raas festival
মাজুলীত মুখ্যমন্ত্ৰী

মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় মাজুলীবাসীৰ সপোনৰ দলঙৰ কাম সুন্দৰভাৱে চলি আছে । দলংখনৰ কাম আজিৰ তাৰিখলৈকে ২০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে । প্ৰথম অৱস্থাত দলঙৰ যি সমস্যা আছিল বৰ্তমান সেই সমস্যাবোৰ সমাধান হৈছে, গতিকে এই বছৰ বাৰিষা অহাৰ আগতেই দলংখনৰ কাম ৩৫ শতাংশলৈ অগ্ৰগতি লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । দলঙৰ দুয়ো পাৰে কাম সুন্দৰভাৱে আগবাঢ়ি গৈছে যাৰ বাবে বাৰিষাৰ আগতে দলঙৰ কাম আৰু আগবাঢ়িব বুলি মত প্ৰকাশ কৰে তেওঁ ।

সকলোৰে সপোনৰ এই দলঙৰ লগতে আৰু বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ ৷ এ পি এছ চি কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ কাম-কাজ, পুলিচৰ কাম তথা নিৰ্বাচনৰ কথাও তেওঁ সাংবাদিকৰ সৈতে আলোচনা কৰে ৷

লগতে পঢ়ক : দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত মাজুলীৰ দক্ষিণপাট সত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.