মাজুলী, 23 জানুৱাৰী : মায়ামৰা আজলী আই ( বা-ভগা) থানৰ বাৰ্ষিক থান সেৱা উৎসৱৰ আয়ম্বৰপূৰ্ণ আয়োজন । মাজুলীৰ লগতে অসমৰ হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক আদৰিছে উদ্যোক্তা তথা থান সেৱা সমিতিয়ে ৷ প্রত্যেক বছৰৰ মাঘ মাহৰ প্ৰথমটো দেওবাৰে পুৱাৰ পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মায়ামৰা আজলী আই ( বা-ভগা) থান । আৰু প্ৰতিবছৰে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা যায় মাজুলীৰ মায়ামৰা আজলী আই (বা-ভগা) থান (Annual Than Seva Festival in Majuli) ৷
অসমৰ প্ৰায় ১৫ খন জিলাৰ প্রায় হাজাৰ হাজাৰ ভক্তই প্ৰাৰ্থনা আগবঢ়ায় এই আজলী আই (বা-ভগা) থানত । উল্লেখ্য যে শংকৰদেৱৰ নুমলীয়া আছিল এই আজলী আই । অনিৰুদ্ধ দেৱৰ মাতৃ এই আজলী আয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলীত গোপনে বাঁহৰ পাতি আছিল আৰু ইয়াতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল । আজলী আয়ে শেষ নিশ্বাস কৰা যিটো দিন সেই দিনটোত আজলী আইক সুঁৱৰি আজলী আই থানত বাৰ্ষিক নাম কীৰ্ত্তন অনুষ্ঠিত কৰে মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে ।
প্ৰথম অৱস্থাত মায়ামৰা সাম্প্ৰদায়ৰ মাজতে সীমিত আছিল এই অনুষ্ঠান ভাগ ((Mayamara Aajali Aayi Than)। তদুপৰি পোন প্ৰথমে হাবিৰ মাজত প্ৰতিষ্ঠা লাভ কৰিছিল এই অনুষ্ঠান ভাগিয়ে । ইয়াৰ পাছৰ পৰ্যায়ত স্থানীয় ৰাইজে অৱদান আগবঢ়োৱাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে অৱদান আগবঢ়াইছিল বাৰ্ষিক থান সেৱা উৎসৱটিলৈ ৷ শেহতীয়াকৈ অসম চৰকাৰ খনেও বাৰ্ষিকভাৱে আয়োজিত এই অনুষ্ঠান ভাগিলৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে বাৰ্ষিক থান সেৱা উৎসৱটি আজিৰ এই অৱস্থা পাইছে বুলি উল্লেখ কৰে উদ্যোক্তা সকলে।
বাৰ্ষিক থান সেৱা উৎসৱটিৰ লগতে আজিৰ তাৰিখটো এই থান খনৰ উন্নয়নৰ বাবে কৰণীয় বহু কাম আছে ইয়াৰ বাবে চৰকাৰ তথা ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মায়ামৰা আজলী আই ( বা-ভগা) থানৰ বাৰ্ষিক থান সেৱা সমিতিয়ে । আজলী আই ''বা ভগা'' থান সেৱা উৎসৱত অংশগ্ৰহণ কৰিছে মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম (MLA Bhuban Gam) আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই (Majuli Cultural University Vice Chancellor) ।
উল্লেখ্য় যে, আজলি আই থান (বা ভগা) মাজুলীৰ মধ্যভাগৰ শেনচোৱা অঞ্চলত অৱস্থিত । মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে আজলি আই থান (বা ভগা) থানক পৱিত্ৰ তীৰ্থস্থান হিচাপে গণ্য় কৰি আহিছে । ১৬০৭ চনত (১৫২৯ শক) স্থাপিত হৈছিল এই থানখন । স্থানীয় মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে এই থানৰ নামঘৰত চাকি-বন্তি জ্বলাই এক আধ্যাত্মিক পৰিৱেশ বৰ্তাই ৰাখে । মায়ামৰা সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰীশ্ৰী অনিৰূদ্ধদেৱৰ জন্ম-মৃত্যু বাৰ্ষিকী এই স্থানত অনুষ্ঠিত হৈ আহিছে প্ৰতিবছৰে ।
লগতে পঢ়ক : National Theater Festival : অসম নাগালেণ্ড সীমান্তত সম্বন্বয়ৰ বাৰ্তা লৈ আৰম্ভ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ