মাজুলী,৮ ফেব্ৰুৱাৰী : মাজুলীৰ উপ-নিৰ্বাচনক (Majuli bye election 2022)লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । বিজেপি মিত্ৰজোঁটে প্ৰস্তুত কৰিছে ৰণকৌশল । মিত্ৰজোঁটৰ অগপ আৰু গণশক্তি দলেও কুছকাৱাজ আৰম্ভ কৰিছে ।
এসময়ত অসম গণ পৰিষদৰ দুৰ্গ হিচাপে পৰিচিত ৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ স্থিতি স্পষ্ট কৰিলে অসম গণ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি ফণীধৰ টাহুৱে । বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন নোহোৱাত এতিয়া সমস্যাত পৰিছে মিত্ৰদল অগপ । ইফালে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত বিসম্বাদৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিলে মাজুলী অগপৰ সভাপতিগৰাকীয়ে ।
মাজুলীৰ স্থানীয় ব্যক্তিকহে যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হয় তাৰ বাবেও আহ্বান জনালে অগপ নেতাগৰাকীয়ে । আনহাতে কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে মাজুলীত অগপই প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু বুলিও উল্লেখ কৰিলে মাজুলী জিলা সমিতিৰ সভাপতি ফণীধৰ টাহুৱে (AGP set to contest Majuli by election) ।
লগতে পঢ়ক :By Election 2022 : কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?