ETV Bharat / state

মাজুলীত আছুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

author img

By

Published : Sep 24, 2020, 1:07 PM IST

মাজুলীত উজনি মাজুলী বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও ৷ ঘন্টাজোৰা বিদ্যুত সেৱা কৰ্তনত অতীষ্ঠ হৈ আছুৰ উদ্যোগত মাজুলীবাসীৰ প্ৰতিবাদ ৷ উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোত দীৰ্ঘ দিনৰ পৰা অৰাজক পৰিস্থিতি উদ্ভৱ হৈ অহাৰ অভিযোগ ৷ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী প্ৰতিবাদকাৰীৰ ৷ দাবী কাৰ্যকৰী নহলে অধিক কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ ৷

মাজুলীত আছুৰ উজনি মাজুলী  বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

মাজুলী, 24 চেপ্তেম্বৰ: জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাজুলীত উজনি মাজুলীৰ বিদ্যুৎ যোগান বিভাগৰ কাৰ্যালয় ঘেৰাও ৷ ঘন্টাজোৰা বিদ্যুত সেৱা কৰ্তনৰ ফলত দীৰ্ঘদিন ধৰি চৰম হাৰাশাস্তি ভোগ কৰি অহা ৰাইজে বিভাগৰ কোনো কাণসাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লবলৈ বাধ্য হৈ পৰে ৷ 24 ঘন্টাৰ ভিতৰত বিভাগৰ যি সমূহ যান্ত্ৰিক বিজুতি আছে সকলোবোৰ বিষয় তদন্ত কৰি দোষী বিষয়াৰ ওপৰত সোনকালে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিবাদকাৰীসকলে আহ্বান জনায় ৷

উজনি মাজুলী বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোত বিগত বহু দিনৰ পৰা এক অৰাজক পৰিস্থিতি উদ্ভৱ হৈ আছে যাৰ বাবে সাধাৰণ জনতাই চৰম হাৰাশাস্তি ভুগিব লগীয়া হৈছে ৷ বিভাগটোৰ গাফিলতিৰ বাবে বৰ্তমান সময়ত শিক্ষাৰ্থী সকলকে ধৰি সাধাৰণ জনসাধাৰণে বিদ্যুৎৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে ৷ এই সমস্যাসমূহক লৈ ছাত্ৰ সন্থাই বহুবাৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে জনাই আহিছিল যদিও বিভাগটোৱে কোনো গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ছাত্ৰ সন্থা ।

জেংৰাই আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিগন্ত বৰুৱাই ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী জনোৱাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷ এই দাবী সমূহ কাৰ্যকৰী নহ’লে ছাত্ৰ সন্থাই অনাগত সময়ত অধিক কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়েৰ লগতে ৫০ জনীয়া ছাত্ৰ সন্থাৰ এটা সঁজাতি দলো এই কাৰ্যসূচীত উপস্থিত থাকে ৷

লগতে পঢ়ক: উৎকোচ লৈ গ্ৰেপ্তাৰ ধুবুৰীৰ দুই আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.