ETV Bharat / state

যোৰহাট-মাজুলী সংযোগী দলঙৰ কামক লৈ প্ৰশ্ন উত্থাপন আছু উপদেষ্টাৰ

শনিবাৰে মাজুলীৰ কমলাবাৰীত উপস্থিত হয় আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দ্বাদশ বাৰ্ষিক আৰু মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনত ভাগ লয় নেতা গৰাকীয়ে ৷ মাজুলীত উপস্থিত হৈ যোৰহাট-মাজুলী সংযোগী দলঙক লৈ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

AASU adviser Samujjal Kumar Bhattacharya in Majuli
মাজুলীত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
author img

By

Published : Nov 7, 2020, 8:55 PM IST

মাজুলী, 7 নৱেম্বৰ : মাজুলীৰ কমলাবাৰীত অনুষ্ঠিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দ্বাদশ বাৰ্ষিক আৰু মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনত শনিবাৰে উপস্থিত হয় আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷

মাজুলীত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

কমলাবাৰী নগৰৰ পৰা ছাত্ৰ নেতা গৰাকীক আদৰি নিয়াৰ পাচতে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে শ্বহীদ তৰ্পন কৰি মুকলি অধিৱেশনত ভাগ লয় ৷

যোৰহাট-মাজুলী সংযোগী দলঙক লৈ ছাত্ৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাই কয় যে, দলঙৰ কাম কেতিয়া শেষ হ’ব ? শীঘ্ৰেই ইয়াৰ তাৰিখ নিৰ্দিষ্ট কৰি দিব লাগে ৷ ইফালে মাজুলীৰ ভৌগোলিক সুৰক্ষা সন্দৰ্ভত সোণোৱাল চৰকাৰক সমালোচনা কৰি কয় যে, ‘‘মাজুলীৰ সুৰক্ষা কেতিয়া হ’ব? মাজুলী সুৰক্ষাৰ কৰ্মসূচীখন দিয়ক’’ ৷

ইফালে সুদীৰ্ঘ কাল যোৰহাটৰ অংশ হৈ থকা মাজুলী মহকুমা ছাত্ৰ সন্থা শুকুৰবাৰৰ পৰা সুকীয়াকৈ মাজুলী জিলা ছাত্র সন্থা হোৱাত গৌৰৱান্বিত হয় ছাত্ৰ নেতা গৰাকী ৷

লগতে পঢ়ক : ভাৰতীয় সেনাৰ কলকাতাৰ ইন্টেলিজেঞ্চৰ খবৰ ভিত্তিতে তেজপুৰত গ্ৰেপ্তাৰ NSCN কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.