মাজুলী, 12 জুন: মাজুলীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা ৷ শনিবাৰে পুৱা মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাই চাপৰিত উদ্ধাৰ হৈছে এটা মৃত নৱজাতক ৷
প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় 4 বজাত মাজুলীৰ এগৰাকী স্থানীয় মহিলাই ৰাষ্টাত প্ৰত্যক্ষ কৰে মৃত নৱজাতকটিক ৷ কোনো দুষ্ট প্ৰকৃতিৰ লোকে নৱজাতকটি ৰাষ্টাৰ মাজত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই ঘটনা সন্দৰ্ভত গাঁওবুঢ়া আৰু আৰক্ষীক খবৰ দিয়া হৈছে ৷ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নৱজাতকটি কাৰ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: চাপৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিলাতী সুৰা জব্দ