ETV Bharat / state

নাওবৈচাৰ সীমান্তৱৰ্তী ফুলবাৰীত বন্য হাতীৰ তাণ্ডৱ - Wild elephant attack

বনৰীয়া হাতীৰ তাণ্ডৱত উজাগৰী নিশা পাৰ কৰিছে নাওবৈচাৰ সীমান্তৱৰ্তী ফুলবাৰীবাসীয়ে ৷ বুধবাৰে পুৱতি নিশা বনৰীয়া হাতীয়ে ভাগিলে ফুলবাৰী ভিতৰিপামৰ এগৰাকী বিধবা মহিলাৰ বাসগৃহ ৷

Wild elephant destroyed house at phulbari Nowboicha

author img

By

Published : Jul 15, 2020, 6:45 PM IST

নাওবৈচা, 15 জুলাই : লখিমপুৰ জিলা হাৰমতি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰঙা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা বনৰীয়া হাতীৰ জাকে অসম-অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীৰ ধেমাগড়,ভিতৰিপাম আদি অঞ্চলত ধাৰাবাহিকভাৱে তাণ্ডৱ চলাই গাঁওবাসীৰ মাজলৈ ঘোৰ বিপৰ্যয় নমাই আনিছে ।

ফুলবাৰীত বন্য হাতীৰ তাণ্ডৱ

উল্লেখ্য যে, বিগত বৰ্ষত বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোত কেইবাজনো লোকে অকাল মৃত্যুক সাৱতিবলগীয়া হোৱাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি তহিলং কৰিছিল ।

বনৰীয়া হাতীৰ জাক এটাই বিগত 10-12 দিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে । আনহাতে বুধবাৰৰ পুৱতি নিশা প্ৰায় 3 মান বজাত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে ফুলবাৰী বনখণ্ড অধীনস্থ ভিতৰিপাম গাঁৱৰ কৃষ্ণা অধিকাৰী নামৰ এগৰাকী বিধবা মহিলাৰ বাসগৃহটো সম্পূর্ণকৈ ভাগি লণ্ড-ভণ্ড কৰে । লগতে হাতীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে বিধবা মহিলাগৰাকীৰ গৰ্ভৱতী বোৱাৰীজনীৰ ৷ কিন্তু উক্ত গাঁওখনৰ পৰা মাত্ৰ এশ মিটাৰ দুৰত্বত থকা ফুলবাৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ কোনো এজন বিষয়া-কৰ্মচাৰী বনৰীয়া হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম নোহোৱাৰ বিষয়টোৱে ভুক্তভোগী জনসাধাৰণক ক্ষোভিত কৰি তুলিছে ।

উল্লেখিত অঞ্চলটোত ধাৰাবাহিক ভাৱে তাণ্ডৱ চলোৱাৰ বিষয়ে অঞ্চলটোৰ ৰাইজে ফুলবাৰী বনখণ্ডৰ কাৰ্যলয়ৰ বন বিষয়াক অৱগত কৰিছিল যদিও হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠোৱাৰৰ ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই । আনহাতে হাতীয়ে ভঙা উক্ত মহিলাগৰাকীৰ গৃহটো অতি শীঘ্ৰে মেৰামতি তথা পুনৰ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে চাওক-ভাৰতত দ্বিতীয়টো ক'ভিড প্ৰতিষেধকৰ মানৱ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.