লখিমপুৰ,4 ডিচেম্বৰঃ বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীৰ প্ৰশংসনীয় প্ৰদক্ষেপ ৷ কাটৰি চাপৰিৰ প্ৰতিবন্ধী কিশোৰক বিনামূল্যে প্ৰদান কৰিলে পৰ্টেবল হুইলচেয়াৰ ৷ কাটৰি চাপৰিৰ ধনপুৰ গাঁৱৰ প্ৰফুল্ল বৰুৱা আৰু বাসন্তী বৰুৱাৰ একমাত্ৰ পুত্ৰ উদয়শংকৰ বৰুৱাক নিজে সাজি উলিওৱা এখন পৰ্টেবল হুইলচিয়াৰ প্ৰদান কৰে পদ্মশ্ৰী ড৹ উদ্ধৱ কুমাৰ ভৰালীয়ে ৷
উল্লেখ্য যে, জন্মৰে পৰা হাত ভৰি অচল হোৱাৰ উপৰিও বাকশক্তিহীন উদয়শংকৰৰ প্ৰতিপালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ এই অৱস্থাৰ কথা গম পাই নিজে আৱিষ্কাৰ কৰা পৰ্টেবল হুইলচেয়াৰ বৃহস্পতিবাৰে কিশোৰ গৰাকীৰ ঘৰত উপস্থিত হৈ নিজ হাতেৰে প্ৰদান কৰে উদ্ধৱ কুমাৰ ভৰালীয়ে ৷ লগতে কিশোৰজনৰ সৈতে যিকোনো পৰিস্থিতিতে লগত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উদ্ধৱ কুমাৰ ভৰালীয়ে ৷